আজিজুল হক
বৰপেটা : বৰপেটা জিলাৰ শিলাত চৰাই নিধন কাৰ্যত জড়িত থকা এজনক আটক। বৰপেটা আৰক্ষীয়ে মঙলবাৰে পুৱা চৰাই নিধন কাৰ্যত জড়িত থকাৰ অভিযোগত মান্নান আলী নামৰ এজন কৃষকক আটক কৰে।

বৰপেটা জিলাৰ শিলাত সোমবাৰে কৃষিভূমিত বিষাক্ত দ্ৰব্য দিয়াৰ ফলত কেইবাশ চৰাই নিধন হোৱা ঘটনা সন্দৰ্ভত মঙলবাৰে পুৱা শিলাত উপস্থিত হয় বৰপেটা আৰক্ষী অধীক্ষক অমিতাভ সিনহা আৰু বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেসহ আৰক্ষীৰ এটা দল। চৰাই নিধন ঘটনাক গুৰুত্ব সহকাৰে লৈ বৰপেটা জিলা আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰে।

জিলা আৰক্ষীয়ে বিষাক্ত দ্ৰব্য মিহলাই দিয়া কৃষিভূমি বন্ধকত লোৱা শিলা গাঁৱৰ পজিৰুদ্দিন আহমেদৰ পুত্ৰ মান্নান আলীক আটক কৰি থানালৈ লৈ যায়। উক্ত কৃষিভূমিৰ গৰাকী হৈছে শিলা গাঁৱৰ হৰকুমাৰ শৰ্মা। বিষাক্ত দ্ৰব্য মিহলাই চৰাই নিধন কৰা ঘটনাক স্থানীয় লোক সকলে তীব্ৰ গৰিহণা দিছে।

চৰাই নিধনৰ অমানৱীয় ঘটনাৰ লগত জড়িত ব্যক্তিক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ লগতে ভৱিষ্যত যাতে এনে ধৰণৰ নিষ্ঠুৰ, অমানৱীয় কাণ্ড সংঘটিত নহয় তাৰ বাবে ৰাইজে আহ্বান জনাইছে। উল্লেখযোগ্য যে, কৃষিভূমিত বিষাক্ত দ্ৰব্য মিহলোৱাৰ ফলত শিলাত কেইবাশ চৰাই নিধন হোৱাৰ লগতে বহু পোহনীয়া জীৱ জন্তু, হাঁহ, কুকুৰা, পাৰৰো মৃত্যু ঘটিছিল।