গুৱাহাটী, ৮ নৱেম্বৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এগৰাকী মহিলা চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। মহিলা চৰকাৰী কৰ্মচাৰী গৰাকী ১ হাজাৰ ৮০০ টকা উৎকোচ লৈ হাত দাঙিলে।
দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত আছে। পুনৰ এগৰাকী মহিলা লাট মণ্ডল পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত।
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মহিলা লাট মণ্ডল। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল পূৰ্ণিমা গগৈ। ১ হাজাৰ ৮০০ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল পূৰ্ণিমা গগৈ। এজন লোকৰ পৰা মাটি কাম কৰি দিয়াৰ বিনিময়ত ২ হাজাৰ ৫০০ টকা দাবী কৰিছিল লাট মণ্ডল পূৰ্ণিমা গগৈয়ে।
পৰৱৰ্তী সময়ত এই উৎকোচৰ পৰিমাণ ১ হাজৰ ৮০০ টকালৈ হ্ৰাস কৰে। মহিলা লাট মণ্ডল পূৰ্ণিমা গগৈয়ে উৎকোচ দাবী কৰা লোকজন কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত মহিলা লাট মণ্ডল পূৰ্ণিমা গগৈক আটক কৰে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে পূৰ্ণিমা গগৈৰ কবলৰ পৰা উৎকোচৰ ১ হাজাৰ ৮০০ টকা উদ্ধাৰ কৰি জব্দ কৰে।
পৰৱৰ্তী সময়ত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে লাট মণ্ডল পূৰ্ণিমা গগৈক গ্ৰেপ্তাৰ কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৯৬/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে চলিত মাহৰ ৪ তাৰিখে দুজন দুৰ্নীতিগ্রস্ত লাট মণ্ডল উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল।