ৰমিজ তালুকদাৰ

সাৰভোগ, ১৭ ডিচেম্বৰ, ২০২৩ : অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ ঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নগদ ধন (Cash Recovered)। দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ ঘৰত চলাইছিল অভিযান। অভিযানকালত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ১২ লক্ষাধিক টকা জব্দ কৰে অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ ঘৰৰ পৰা। সাৰভোগ-জনীয়া জলসিঞ্চন সংগমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰা সঞ্জীৱ কুমাৰ দাস। এজন ঠিকাদাৰৰ পৰা উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল অভিযন্তা সঞ্জীৱ কুমাৰ দাস।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। পুনৰ এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল সাৰভোগ-জনীয়া জলসিঞ্চন সংগমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰা। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল সাৰভোগ-জনীয়া জলসিঞ্চন সংগমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰা সঞ্জীৱ কুমাৰ দাস। ৫ হাজাৰ টকা উৎকোচ লৈ থাকোতে ধৰা পৰে সাৰভোগ-জনীয়া জলসিঞ্চন সংগমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰা সঞ্জীৱ কুমাৰ দাস। এজন ঠিকাদাৰৰ পৰা ৫ হাজাৰ টকা দাবী কৰিছিল সাৰভোগ-জনীয়া জলসিঞ্চন সংগমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰা সঞ্জীৱ কুমাৰ দাসে।

ঠিকাদাৰজনে কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। ঠিকাদাৰজনৰ অভিযোগৰ ভিত্তিত শনিবাৰে দুৰ্নীতি নিবাৰক শাখাই জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত সাৰভোগ-জনীয়া জলসিঞ্চন সংগমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰা সঞ্জীৱ কুমাৰ দাসক আটক কৰে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে সঞ্জীৱ কুমাৰ দাসৰ কবলৰ পৰা পৰা উৎকোচৰ ৫ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰি দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে অভিযন্তা সঞ্জীৱ কুমাৰ দাসক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ বাসগৃহত অভিযান চলায়।

অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ বৰপেটাৰ বাৰাদী গাঁৱৰ বাসগৃহত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে নগদ ১২ লক্ষাধিক টকা উদ্ধাৰ কৰি জব্দ কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ১০৮/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে।