শোণিতপুৰ, ৭ ফেব্ৰুৱাৰী, ২০২৪ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। চৰকাৰী কৰ্মচাৰীজনে ২ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে।
দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত আছে। পুনৰ এজন দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত।
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল আৰফদ আলম বৰা। ২ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে বিশ্বনাথ চতিয়াস্থিত নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল আৰফদ আলম বৰা। এজন লোকৰ পৰা মাটি কাম কৰি দিয়াৰ বিনিময়ত ৫ হাজাৰ টকা দাবী কৰিছিল লাট মণ্ডল আৰফদ আলম বৰাই।
লাট মণ্ডল আৰফদ আলম বৰাই উৎকোচ দাবী কৰা লোকজন কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত লাট মণ্ডল আৰফদ আলম বৰাক আটক কৰে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে আৰফদ আলম বৰাৰ কবলৰ পৰা উৎকোচৰ ২ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে। পৰৱৰ্তী সময়ত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে লাট মণ্ডল আৰফদ আলম বৰা গ্ৰেপ্তাৰ কৰে।
এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ১৪/২০২৪ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে, দুৰ্নীতিগ্রস্ত চৰকাৰী।কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলক জালত পেলাইছে।