বৰপেটা, ৩ জানুৱাৰী, ২০২৪ : যমদূতৰ ৰূপত ৰাজপথত ডাম্পাৰ। গাড়ী নহয় যেন মৃত্যুদূত হে। পুনৰ যমদূতৰূপী ডাম্পাৰে মহতিয়াই নিলে বাইক (One Injured in road Accident)। সংকটজনক অৱস্থাত বাইক চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে স্থানীয় ৰাইজে। ৰাজপথত ডাম্পাৰৰ দৌৰাত্মকক নাকী লগোৱাত পৰিবহন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
ৰাজ্যৰ ৰাজপথ সমূহত ডাম্পাৰৰ দৌৰাত্মককলৈ আতংকিত হৈ পৰিছে ৰাইজ। ডাম্পাৰৰ দৌৰাত্মকৰ বাবে ৰাজপথ সমূহত সংঘটিত হৈ আছে ইটোৰ পিছত সিটো ভয়ংকৰ পথ দুর্ঘটনা। কিছুদিন পূৰ্বে কামৰূপ জিলাৰ মিৰ্জাত ডাম্পাৰৰ দৌৰাত্মকৰ বাবে প্ৰাণ হেৰুৱাইছিল এগৰাকী সাংবাদিকে। ইয়াৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক সকলে প্ৰতিবাদ সাব্যস্ত কৰি পৰিবহন বিভাগক ডাম্পাৰৰ দৌৰাত্মক ৰোধ কৰিবলৈ দাবী জনাইছিল।
এইবাৰ বৰপেটাৰোডত ডাম্পাৰৰ দৌৰাত্মকৰ বাবে সংঘটিত হ’ল এক ভয়ংকৰ পথ দুর্ঘটনা। মঙলবাৰে নিশাৰ ভাগত বৰপেটাৰোডৰ শিমলাগুৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰ বেগী ডাম্পাৰে মোহতিয়াই নিয়ে এখন বাইক। এই ভয়ংকৰ পথ দুর্ঘটনাত গুৰুত্বৰ বাবে আহত হয় বাইকখনৰ চালক। সংকটজনক অৱস্থাত স্থানীয় ৰাইজে বাইক চালকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।
পথ দুৰ্ঘটনা আহত হোৱা বাইক চালকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। এএছ-২৬-চি-৫১৮৫ নম্বৰৰ ডাম্পাৰখনে এএছ-১৫-ইউ-৭১৫৫ নম্বৰৰ বাইকখনক মহতিয়াই ডাম্পাৰখন দুর্ঘটনাস্থলীত এৰি চালকজন পলায়ন কৰে। উল্লেখ্য যে, কিছুদিন পূৰ্বেও এই পথতেই এগৰাকী মহিলাক এখন ডাম্পাৰে মহতিয়াই নিছিল। ডাম্পাৰখনে মহতিয়াই নিয়া মহিলাগৰাকী থিতাতে নিহত হৈছিল। ডাম্পাৰে সঘনাই এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত কৰি আহিছে যদিও প্ৰশাসনৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
আৰক্ষীয়ে কেৱল বাইক চালকৰ হেলমেট আৰু সুৰাপান কৰি গাড়ী চলোৱা চালকৰ মুখত পাইপ ভৰাওঁতে ব্যস্ত কিন্তু ৰাজপথৰ ঘাটকৰূপী ডাম্পাৰৰ দৌৰাত্মক নাকী লগোৱাৰ ক্ষেত্ৰত ব্যৰ্থ বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। ডাম্পাৰৰ দৌৰাত্মকৰ বাবে আতংকিত হৈ পৰিছে বৰপেটাৰোডবাসী। পথচাৰীৰ জীৱন মৃত্যু এতিয়া যেন ডাম্পাৰ চালকৰ হাতত বুলি একাংশ লোকে মত প্ৰকাশ কৰি পৰিবহন বিভাগক তীব্ৰ সমালোচনা কৰে।