নিউজ ডেস্ক, ২৯ অক্টোবৰ, ২০২৩ : পাঁচ চেকেণ্ডৰ ব্যৱধানত তিনিটাকৈ বিস্ফোৰণ। খ্ৰীষ্টান ধৰ্মীয় লোক সকলৰ প্ৰাৰ্থনা সভাত সংঘটিত হৈছে এই ৩ টাকৈ বিস্ফোৰণ। বিস্ফোৰণত ১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৩৬ জনকলৈ লোক (One Killed 36 Injured)। মুখ্যমন্ত্ৰী লগত বাৰ্তালাপ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ।

কেৰালাৰ এৰ্নাকুলামত তিনিটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। বিস্ফোৰণত ১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৬ জনকৈ লোক আহত হৈছে। বিস্ফোৰণৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কেৰালাৰ এৰ্নাকুলামৰ কালামছেৰীত অৱস্থিত কনভেনচন চেণ্টাৰত সংঘটিত হৈছে এই তিনিটাকৈ ভয়ংকৰ বিস্ফোৰণ।

প্ৰত্যক্ষদৰ্শীসকলৰ মতে, অধিৱেশন কেন্দ্ৰত খ্ৰীষ্টান ধৰ্মীয় লোক সকলৰ প্ৰাৰ্থনা চলি থকা অৱস্থাত বিস্ফোৰণ সংঘটিত হয়। মাত্ৰ পাঁচ চেকেণ্ডৰ ব্যৱধানত তিনিটাকৈ বিস্ফোৰণ ঘটে। বিস্ফোৰণত ১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৬ জন লোক আহত হয়। আহত লোক সকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।

ইফালে কেৰালা বিস্ফোৰণৰ বিষয়ত কেৰালাৰ মুখ্যমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহে বাৰ্তালাপ কৰিছে। বিস্ফোৰণৰ ঘটনাৰ তদন্ত কৰিবলৈ কেৰালালৈ যাব এন এছ জিৰ এন বি ডি এছৰ দল। এজন প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে, ‘প্ৰাৰ্থনা সভাৰ হলটোৰ মাজত বিস্ফোৰণ সংঘটিত হৈছিল। বিস্ফোৰণৰ তিনিটা শব্দ শুনিলোঁ। মই পিছফালে আছিলো। তাতে ধোঁৱা ওলাইছিল। বিস্ফোৰণত এগৰাকী মহিলাৰ মৃত্যু হৈছে’।

কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয়, ‘এয়া এক অতি দুৰ্ভাগ্যজনক ঘটনা। এই ঘটনা সন্দৰ্ভত আমি সবিশেষ সংগ্ৰহ কৰি আছো। সকলো শীৰ্ষ বিষয়া এৰ্নাকুলামত উপস্থিত। ঘটনাস্থলীলৈ গৈ আছে ডিজিপি। আমি এই কথাটো অতি গুৰুত্বসহকাৰে লৈছো। ডিজিপিৰ লগত কথা পাতিছো। তদন্তৰ অন্তত আমি অধিক তথ্য লাভ কৰিম। বৰ্তমান এজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোকৰ অৱস্থা সামান্য সংকটজনক। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। সবিশেষ পোৱাৰ পিছতহে কথা পাতিম’।