তিনিচুকীয়া, ২ অক্টোবৰ, ২০২৩ : পুনৰ বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন লোক (Wild Elephant)। ঘৰৰ সন্মুখতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰি হত্যা কৰে লোকজনক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ। বন বিভাগৰ ওপৰত ক্ষোভিত ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনায়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত সংঘটিত হৈ থকা বুলি কলেও ভুল নহ’ব। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। নামনি অসমৰ লগতে উজনিৰ অসমৰ কেইবাখনো জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়।

শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ ব্যাপক হাৰত বৃদ্ধি পাইছে। বৃহস্পতিবাৰে পুৱাৰ ভাগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ভিতৰ পাৱৈত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এজন কৃষক। সম্প্ৰতি খেতি পথাৰত ধান পকা বতৰ। বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাক ওলাই আহি মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে ধাননি পথাৰত প্ৰৱেশ কৰি পকা ধান খাই অনিষ্ট কৰি তাণ্ডৱ চলাই আছে।

নিশা হ’লেই মাৰ্ঘেৰিটাৰ গাঁও অঞ্চলৰ কৃষক সকল আতংকিত হৈ পৰে। বুধবাৰে নিশাৰ ভাগত মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈ গাঁৱত তিনিটা বনৰীয়া হাতী প্ৰৱেশ কৰি ওৰে নিশাটো তণ্ডাৱ চলায় বুলি জানিব পৰা গৈছে। ৰাইজে ইয়াৰে এটা বনৰীয়া হাতীক নিশাই খেদি পঠিয়াবলৈ সক্ষম হয় যদিও দুটা বনৰীয়া হাতী কাষতে থকা বিলত নামি যায়। বনৰীয়া হাতী দুটা খেদি পঠিওৱা উদ্দেশ্যে পুৱা বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ বনৰীয়া হাতী দুটা বিলখনৰ পৰা উলিয়াই পঠিয়াৱলৈ চেষ্টা কৰে। কিন্তু বনৰীয়া হাতী দুটাই বিলৰ পৰা উলাই আহি ঘৰৰ পদুলিতে ৰৈ থকা ডাউদ পুৰ্তীক নামৰ এজন কৃষকক আক্ৰমণ কৰি হত্যা কৰে।

বন বিভাগৰ লোকৰ উপস্থিতিতেই বনৰীয়া হাতীয়ে এজন লোকক আক্ৰমণ কৰি হত্যা কৰা ঘটনাই ক্ষোভিত কৰি তোলে স্থানীয় ৰাইজক। ৰাইজে বন বিভাগৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি দুৰ্ভগীয়া পৰীয়ালটোক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে। উল্লেখ্য যে কিছুদিন পূৰ্বে গোৱালপাৰা জিলাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা নিহত হৈছিল। পুৱাৰ ভাগত ঘৰৰ পৰা ওলাই যোৱা মহিলা গৰাকীক পথৰ ওপৰতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰি হত্যা কৰে।