পলাশবাৰী, ১৬ আগষ্ট, ২০২৪ : পুনৰ অসম আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী আনোৱাৰ হুছেইন ওৰফে বগা (Boga Killed In Police Firing)। কেইবাটাও অপৰাধমূলক ঘটনাৰ লগত জড়িত আছিল বগা। কেইবাবাৰো কাৰাগাৰলৈ গৈছিল আনোৱাৰ হুছেইন ওৰফে বগা। চুৰি, ডকাইতি, ড্ৰাগছৰ বেহা আদি বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত কৰি অসম আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল আনোৱাৰ হুছেইন ওৰফে বগা। দক্ষিণ কামৰূপৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত সংঘটিত হোৱা কেইবাটাও অপৰাধমূলক ঘটনাৰ লগত জড়িত আছিল।

অপৰাধীক লক্ষ্য কৰি অব্যাহত আছে অসম আৰক্ষীৰ গুলী চালনা। ইতিমধ্যে আৰক্ষীৰ গুলীত কেইবাজনো অপৰাধী আহত তথা নিহত হৈছে আৰক্ষীৰ গুলীত। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাই আৰক্ষীৰ গুলীৰ চিকাৰ হৈছে ড্ৰাগছ মাফিয়া, ধৰ্ষণকাৰী আৰু বিভিন্ন অপৰাধমূলক ঘটনাৰ লগত জড়িত অপৰাধী। পুনৰ অপৰাধীক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলী চালনা। এইবাৰ অসম আৰক্ষীৰ গুলীত নিহত হৈছে এজন কুখ্যাত অপৰাধী।শুকুৰবাৰে দিনৰ প্ৰায় ২:৩০ বজাত বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত সত্ৰাপাৰাত আৰক্ষীৰ লগত হোৱা এক সংঘৰ্ষত নিহত হয় কুখ্যাত অপৰাধী আনোৱাৰ হুছেইন ওৰফে বগা।

উল্লেখ্য যে বিগত কিছুবছৰ ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্ততৰ লগতে গুৱাহাটী মহানগৰীত বিভিন্ন ধৰণৰ অপৰাধমূলক কামৰ লগত জড়িত আনোৱাৰ হুছেইন ওৰফে বগা বিজয়নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি কাকতিৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলৰ লগত হোৱা গুলীয়াগুলীৰ ঘটনাত ঘটনাস্থলীতে নিহত হয়৷ আৰক্ষীৰ গুলীত আনোৱাৰ হুছেইন ওৰফে বগা নিহত হোৱাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কিছু দূৰত্বত আনোৱাৰ হুছেইন ওৰফে বগাই ব্যৱহাৰ কৰা এএছ-০১-এম-৩৮২২ নম্বৰৰ মাৰুটি ৱেগনাৰ বাহনখন উদ্ধাৰ কৰে৷

আৰক্ষীয়ে নিহত আনোৱাৰ হুছেইন ওৰফে বগাৰ হাতৰ পৰা পইণ্ট ৩২ এমএম এটা পিষ্টলৰ লগতে ভালেসংখ্যক ড্ৰাগছৰ কণ্টেনাৰ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে যে ঘটনা সংঘটিত হোবাৰ কিছুসময় পূৰ্বে আনোৱাৰ হুছেইন ওৰফে বগাই ড্ৰাগছ সেৱন কৰিছিল। আৰক্ষীয়ে আনোৱাৰ হুছেইন ওৰফে বগাক মিৰ্জাস্থিত চৰকাৰী হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসাকে আনোৱাৰ হুছেইন ওৰফে বগাক মৃত বুলি ঘোষণা কৰে। পিছত আৰক্ষীয়ে আনোৱাৰ হুছেইন ওৰফে বগাৰ মৃতদেহ মৰোণত্তৰ পৰিক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল লৈ প্ৰেৰণ কৰে৷ আৰক্ষীৰ গুলীত কুখ্যাত অপৰাধী আনোৱাৰ হুছেইন ওৰফে বগা নিহত হোৱা ঘটনাই সমগ্র পলাশবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে দক্ষিণ কামৰূপত বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত কৰি সন্ত্ৰাস চলাই থকা আনোৱাৰ হুছেইন ওৰফে বগা সত্ৰাপাৰাত থকাৰ এক খবৰ লাভ কৰিছিল বিজয়নগৰ আৰক্ষীয়ে। উক্ত খবৰৰ ভিত্তিত বিজয়নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰজ্যোতি কাকতিৰ নেতৃত্বত আৰক্ষীৰ এটা দল আনোৱাৰ হুছেইন ওৰফে বগাক আটক কৰিবলৈ অভিযান চলায়। কিন্তু আৰক্ষীৰ দলটোক দেখা পাই আনোৱাৰ হুছেইন ওৰফে বগাই আৰক্ষীৰ দলটোক লক্ষ্য কৰি গুলী চালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলী চালনা কৰাত আৰক্ষীৰ গুলীত নিহত হয় আনোৱাৰ হুছেইন ওৰফে বগা।