সোণতলী, ৪ নৱেম্বৰ, ২০২৩ : ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী নাজিমা খাতুন (One Arrested With Drugs)। দীর্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা নাজিমা খাতুন অৱশেষত পৰিল জালত। ড্ৰাগছৰ পেকেট আৰু ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নাজিমা খাতুনক। গোপন খবৰৰ ভিত্তিত চলিছিল আৰক্ষীৰ অভিযান। বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে নাজিমা খাতুনক জেৰা অব্যাহত ৰাখিছে।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰতিদিনে আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী সকলক জালত পেলাবলৈ সক্ষম হৈছে। আৰক্ষীৰ এই ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীয়ে ড্ৰাগছৰ বেহা চলাই গৈছে। এফালে যদি ড্ৰাগছ সৰবৰাহকাৰী সকলে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰিছে আনফালে ড্ৰাগছ ব্যৱসায়ী সকলে আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।

আৰক্ষীৰ ড্ৰাগছ বিৰোধী কঠোৰ পদক্ষেপক কেৰেপ নকৰা হৈছে ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী সকল। যুৱ প্ৰজন্মক ধ্বংস মুখত ঠেলি দি সহজে ধন ঘটাৰ লোভত দীর্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা এগৰাকী মহিলা ড্ৰাগছ ব্যৱসায়ী পৰিছে আৰক্ষীৰ জালত। বুজন পৰিমাণৰ ড্ৰাগছ আৰু ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ মহিলা ড্ৰাগছ ব্যৱসায়ী গৰাকীক জালত পেলাইছে ছমৰীয়া আৰক্ষীৰ এটা দলে।

এক গোপন খবৰৰ ভিত্তিত কামৰূপৰ সোণতলীৰ কিছমত কাঠমীত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহিলা ড্ৰাগছ ব্যৱসায়ী গৰাকীক। ছমৰীয়া আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান৷ অভিযানকালত আৰক্ষীয়ে মহিলা ড্ৰাগছ ব্যৱসায়ী গৰাকীৰ কবলৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ৷ ড্ৰাগছ ব্যৱসায়ী গৰাকী কিছমত কাঠমীৰ নাজিমা খাতুনক গ্ৰেপ্তাৰ বুলি জানিব পৰা গৈছে৷ ছমৰীয়া পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুলী দাসৰ নেতৃত্বত চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান।

শুকুৰবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত কামৰূপৰ সোণতলী কিছমত কাঠমীত অভিযান চলাই ড্ৰাগছৰ পেকেট আৰু ৬৫ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ ড্ৰাগছ ব্যৱসায়ী নাজিমা খাতুনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৰ্তমান ধৃত ড্ৰাগছ ব্যৱসায়ী নাজিমা খাতুনক বকো আৰক্ষীৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে কামৰূপৰ চৰাঞ্চল সমূহত ড্ৰাগছৰ প্ৰচলন ভয়াবহভাৱে বৃদ্ধি পাইছে।