নিউজ ডেস্ক, ১৩ ডিচেম্বৰ, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ৰে’লযাত্রীৰ চাহিদাৰ ওপৰত ভিত্তি কৰি এই অঞ্চলত সুগম ৰে’লযাত্ৰা আৰু উন্নততৰ যোগাযোগ ব্যৱস্থা নিশ্চিত কৰাৰ অৰ্থে মুঠ ৫ (পাঁচ) খন ৱান ৱে বিশেষ ৰে’ল চলাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে’ল নং ০৫৪৮৩ (আলিপুৰদুৱাৰ জংচন-দিল্লী) ৱান ৱে বিশেষ ৰে’ল আলিপুৰদুৱাৰ জংচনৰ পৰা ১৩ ডিচেম্বৰ, ২০২৫ তাৰিখে ১০:৩০ বজাত প্ৰস্থান কৰি দেওবাৰে ২১:৪৫ বজাত দিল্লীত গৈ উপস্থিত হ’বগৈ।

এই ৰে’লখন হাছিমাৰা, দলগাঁও, বিন্নাগুড়ী, নিউ মাল জং, শিলিগুড়ী জং, বাগডোগৰা, আলুৱাবাৰী ৰোড, কিষাণগঞ্জ, বাৰছোই, কাটিহাৰ, নিউ বাৰাউনি জং, পাটনা জং, পণ্ডিত দীন দয়াল উপাধ্যায় জং, প্ৰয়াগৰাজ জং, কানপুৰ চেণ্ট্ৰেল, ইটাৱা জং, আলীগড় জং, গাজিয়াবাদ আদিত ষ্টপেজ থাকিব। ৰে’ল নং ০৫৯৩৬ (ডিব্ৰুগড়-কলকাতা) ৱান ৱে বিশেষ ডিব্ৰুগড়ৰ পৰা ১৩ ডিচেম্বৰ, ২০২৫ তাৰিখে ১৭:২০ বজাত প্ৰস্থান কৰি সোমবাৰে ০০:৩০ বজাত কলকাতাত গৈ উপস্থিত হ’ব।

এই ৰে’লখন ধেমাজি, নৰ্থ লখিমপুৰ, হাৰমতী জং, ৰঙাপাৰা নৰ্থ, ৰঙিয়া, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, আলুৱাবাৰী ৰোড, কিষাণগঞ্জ, বাৰছোই, মালদা টাউন আদিত ষ্টপেজ থাকিব। ৰে’ল নং ০৫৬৫৩ (আগৰতলা-কলকাতা) ৱান ৱে বিশেষ ৰে’ল আগৰতলাৰ পৰা ১৫ ডিচেম্বৰ, ২০২৫ তাৰিখে ০৭:৩৫ বজাত প্ৰস্থান কৰি পৰৱৰ্তী দিনা ১৬:৪০ বজাত কলকাতাত গৈ উপস্থিত হ’ব। এই ৰেলখন নিউ কৰিমগঞ্জ, বদৰপুৰ জং, গুৱাহাটী, গোৱালপাৰা টাউন, নিউ বঙাইগাঁও, নিউ আলিপুৰদুৱাৰ, নিউ জলপাইগুড়ী, কিষাণগঞ্জ আদিত ষ্টপেজ থাকিব।

ৰে’ল নং ০৫৬৫০ (শিলচৰ-কলকাতা) ৱান ৱে বিশেষ ৰে’ল শিলচৰৰ পৰা ১৮ ডিচেম্বৰ, ২০২৫ তাৰিখে  ০৫:০০ বজাত প্ৰস্থান কৰি পৰৱৰ্তী দিনা ১২:০৫ বজাত কলকাতাত গৈ উপস্থিত হ’ব। এই ৰে’লখন বদৰপুৰ, লামডিং, গুৱাহাটী, গোৱালপাৰা টাউন, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, ধূপগুড়ী, নিউ জলপাইগুড়ী, আলুৱাবাৰী ৰোড, কিষাণগঞ্জ, বাৰছোই, কুমেদপুৰ, মালদা টাউন আদিত ষ্টপেজ থাকিব। ৰে’ল নং ০৫৯৫৮ (নিউ তিনিচুকীয়া-চেন্নাই চেণ্ট্ৰেল) ৱান ৱে বিশেষ নিউ তিনিচুকীয়াৰ পৰা ১৮ ডিচেম্বৰ, ২০২৫ তাৰিখে ১৮:৪৫ বজাত প্ৰস্থান কৰি দেওবাৰে ০৪:৩০ বজাত চেন্নাই চেন্ট্ৰেলত গৈ উপস্থিত হ’ব।

এই ৰে’লখন ডিব্ৰুগড়, ধেমাজি, নৰ্থ লখিমপুৰ, হাৰমতী, ৰঙাপাৰা নৰ্থ, ৰঙিয়া জং, বৰপেটা ৰোড, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, আলুৱাবাৰী ৰোড, কিষাণগঞ্জ, মালদা টাউন, বৰ্ধমান, খড়গপুৰ, কটক, ভুবনেশ্বৰ, বিজিয়ানগৰম জং, বিজয়াৱাড়া জং, গুদুৰ জং আদিত ষ্টপেজ থাকিব। এই ৰে’লখনসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বিশদ তথ্য অৱলোকন কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।