নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ নৱেম্বৰ : ২০ নৱেম্বৰৰ পুৱতি নিশা ওৰাঙৰ গেলাবিলত মঙ্গলদৈৰ পৰা তেজপুৰ অভিমুখে বিয়া খাই উভতি অহাৰ পথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ থিতাতে নিহত হয় ৮ জনকৈ লোক ।
তেজপুৰৰ তেলেৰীয়াত বিয়া খাবলৈ গৈ উভতাৰ পথতে সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাটো। ৰৈ থকা এখন ট্ৰাকখনত খুন্দা মাৰিছিল বিবাহযাত্ৰীৰ বাহনখনে।
ইয়াৰ পাছতে পুনৰ উক্ত দিনাই সন্ধিয়াৰ ভাগত আৰু নিশা প্ৰায় ১১.৩০ মান বজাত একে ঠাইতে আন দুটা পথ দুৰ্ঘটনা সংঘটিত হৈ থিতাতে মৃত্যুক সাৱটি লয় আন দুজন লোকে।
এনেদৰে একেদিনাই ১০ জন লোকে একে ঠাইতে মৃত্যুক সাৱটি লোৱা দেখি এক মাঙ্গলিক অনুষ্ঠানৰ আয়োজন কৰে অঞ্চলটোৰ ৰাইজে ।
দুৰ্ঘটনা পতিত হোৱা স্থানত নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰি ধূপ- ধূনা, মাহ-প্ৰসাদ আদি আগবঢ়াই নাম-কীৰ্তনেৰে পূজা কৰে অঞ্চলটোৰ ৰাইজে।