নিউজ ডেস্ক, ৬ আগষ্ট, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ইয়াৰ চিকিৎসালয়সমূহৰ নেটৱৰ্কত স্বাস্থ্যসেৱা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে, যিয়ে ইয়াৰ কৰ্মচাৰী, তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু সাধাৰণ জনতাৰ স্বাস্থ্য আৰু কল্যাণৰ প্ৰতি থকা ইয়াৰ দৃঢ় প্ৰতিবদ্ধতাক প্ৰতিফলিত কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই চিকিৎসালয়ৰ সা-সুবিধাসমূহৰ আধুনিকীকৰণত যথেষ্ট বিনিয়োগ কৰিছে, আৰু সেইবোৰক উন্নত নিদানিক সঁজুলি, অ’টি, আৰু ইনটেনচিভ কেয়াৰ ইউনিটৰে (আইচিইউ) সজ্জিত কৰিছে।
এনে প্ৰচেষ্টাই ইয়াৰ চিকিৎসালয়সমূহত সময়মতে আৰু সঠিক ৰোগ নিৰ্ণয় নিশ্চিত কৰাৰ লগতে ৰোগীৰ চিকিৎসা উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ মালিগাঁওস্থিত কেন্দ্ৰীয় চিকিৎসালয়ে যোৱা সপ্তাহত এলানি স্বাস্থ্য সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰে, যাৰ ভিতৰত অ’ৰেল ৰিহাইড্ৰেচন ছলিউচন দিৱস, বেছিক লাইফ চাপৰ্ট (বিএলএছ) প্ৰশিক্ষণ আৰু স্তন্যপান সপ্তাহ উদযাপন অন্যতম। “সুস্থ ভৱিষ্যতৰ সহজ সমাধান-ছিপ স্মাৰ্ট, শক্তিশালী হৈ থাকক আৰু অ’আৰএছ গ্ৰহণ কৰক” এই বিষয়বস্তুৰে অ’আৰএছ দিৱস পালন কৰা হয়।
নাৰ্ছিঙৰ ছাত্ৰ-ছাত্ৰীসকলে ডিহাইড্ৰেচন প্ৰতিৰোধত অ’আৰএছ’ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এখন বাটৰ নাট প্ৰদৰ্শন কৰে। ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্স আৰু চিপিআৰ ই-সঞ্জীৱনীৰ সহযোগত এক বিএলএছ প্ৰশিক্ষণ শিবিৰো অনুষ্ঠিত কৰা হয়, য’ত জৰুৰীকালীন সঁহাৰি প্ৰদান উন্নত কৰাৰ বাবে ২০ গৰাকী নাৰ্ছক জীৱন-ৰক্ষাকাৰী কৌশলৰ প্ৰশিক্ষণ দিয়া হয়। চিকিৎসালয়খনে “স্তন্যপানত বিনিয়োগ কৰক, ভৱিষ্যতৰ বাবে বিনিয়োগ কৰক” শীৰ্ষক বিষয়বস্তুৰে সজাগতামূলক বক্তৃতা আৰু অধিৱেশনৰ জৰিয়তে স্তন্যপানৰ উপকাৰিতাসমূহৰ প্ৰচাৰ চলাই বিশ্ব স্তন্যপান সপ্তাহৰ আৰম্ভণিও কৰে।
এই সকলোবোৰ পদক্ষেপে একেলগে প্ৰতিৰোধমূলক যত্ন, অবিৰত পেছাদাৰী প্ৰশিক্ষণ, আৰু সক্ৰিয় সামাজিক অংশগ্ৰহণক একত্ৰিত কৰি এক স্বাস্থ্যৱান ভৱিষ্যত গঢ়ি তোলাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ব্যাপক দৃষ্টিভংগীক প্ৰতিফলিত কৰে। মালিগাঁও কেন্দ্ৰীয় চিকিৎসালয়ে ইয়াৰ ধাৰাবাহিক অৱদানৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানসমূহক সমৰ্থন কৰাত আৰু ৰেলৱে সংমণ্ডলজুৰি গুণগত স্বাস্থ্যসেৱা আৰু জনস্বাস্থ্যৰ পোষকতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।