গুৱাহাটী, ১৩ মে’, ২০২৪ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) শেষ নিশ্বাস ত্যাগ কৰিলে বিৰুবালা ৰাভাই। সোমবাৰে পুৱা ৯.২৩ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত শেষ নিশ্বাস ত্যাগ কৰে অসমৰ অন্ধবিশ্বাস বিৰোধী সমাজকর্মী পদ্মশ্ৰী বিৰুবালা ৰাভাই। দীর্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ আছিল পদ্মশ্ৰী বিৰুবালা ৰাভা। অসমত অন্ধবিশ্বাস আৰু ডাইনী হত্যাকাণ্ডৰ বিৰুদ্ধে দুটা দশক ধৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছিল বিৰুবালা ৰাভাই।

সোমবাৰে পুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা আহে অসমবাসী বাবে এক বেয়া খবৰ। পুৱা ৯.২৩ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন অৱস্থাত থকা অসমৰ অন্ধবিশ্বাস বিৰোধী সমাজকর্মী পদ্মশ্ৰী বিৰুবালা ৰাভাই শেষ নিশ্বাস ত্যাগ কৰে।
যোৱা দুটা দশক ধৰি অসমত বিভিন্ন অন্ধবিশ্বাস আৰু ডাইনী হত্যাকাণ্ডৰ বিৰুদ্ধে সংগ্ৰাম চলাই আহিছিল বিৰুৱালা ৰাভাই। ডাইনী হত্যাকাণ্ডৰ বিৰোধী অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছিল বিৰুৱালা ৰাভাই।

ডাইনীৰ সন্দেহত নিৰ্যাতনৰ বলি হোৱা বহু লোকক সহায় কৰিছে বিৰুৱালা ৰাভাই। বিৰুৱালা ৰাভাৰ অন্ধবিশ্বাস আৰু ডাইনী হত্যাকাণ্ডৰ বিৰোধী সংগ্রামৰ বাবে ২০০৫ চনত নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ এটা আগশাৰীৰ সংগঠনে বিৰুৱালা ৰাভাৰ নাম শান্তিৰ ন’বেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল। বিৰুৱালা ৰাভাক ২০২১ চনত ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। ২০০০ চনৰ পৰাই বিৰুৱালা ৰাভা অসমত সংঘটিত হৈ থকা ডাইনী নামত হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল আৰু ইয়াৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে সংগ্রাম আৰম্ভ কৰিছিল।

প্ৰথম অৱস্থাত বিৰুৱালা ৰাভাই নিজৰ জন্মস্থান গোৱালপাৰা জিলাৰ পৰাই ডাইনী হত্যাকাণ্ড বিৰোধী সংগ্রাম আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী সময়ত সমগ্ৰ অসমৰ লগতে দেশৰ অন্যান্য প্ৰান্তত বিৰুৱালা ৰাভাৰ ডাইনী হত্যাকাণ্ড বিৰোধী সংগ্ৰাম বিয়পি পৰিছিল। ১৯৫৪ চনত গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত এটি সাধাৰণ পৰিয়ালত বীৰুবালা ৰাভাৰ জন্ম হৈছিল। সৰুৰে পৰাই বিভিন্ন সামাজিক কামৰ সৈতে জড়িত হৈ পৰিছিল বিৰুৱালা ৰাভা। ঠাকুৰভিলা গাঁৱৰ এজন সাধাৰণ কৃষকৰ সৈতে বিৰুৱালা ৰাভাৰ বিবাহ হৈছিল।

দীর্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্রান্ত হৈ থকা বিৰুৱালা ৰাভা অৱশেষত ১৩ মে’, ২০২৪ চনত শেষ নিশ্বাস ত্যাগ কৰে। অসমৰ পদ্মশ্ৰী বিৰুৱালা ৰাভাৰ বিয়োগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। ডাইনী হত্যাৰ লগতে সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নিৰ্মূলৰ বাবে আজীৱন যুঁজ দি যোৱা ‘পদ্মশ্ৰী’ বীৰুবালা ৰাভাৰ বিয়োগ অসমৰ বাবে এক অপূৰণীয় ক্ষতি মন্তব্য প্ৰকাশ কৰি গভীৰ শোক প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

বিৰুৱালা ৰাভাৰ মৃত্যুত অন্ধবিশ্বাস বিৰোধী নেতা ডঃ দিব্যজ্যোতি শইকীয়াও গভীৰ শোক প্ৰকাশ কৰে। অন্ধবিশ্বাস তথা ডাইনী কাণ্ড বিৰোধী সমাজকৰ্মী বিৰুৱালা ৰাভাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি দেশৰ অন্যতম অন্ধবিশ্বাস বিৰোধী নেতা, যুক্তিবাদী চিন্তাবিদ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় ২০০৬ বৰ্ষৰ পৰা ২০১১ বর্ষলৈ বিৰুৱালা ৰাভাক তেওঁ বিভিন্ন প্ৰকাৰে অন্ধবিশ্বাস বিৰোধী সংগ্ৰামত সহায় সহযোগ কৰি ডাইনী বিৰোধী আন্দোলন আগবঢ়াই নিছিল।