নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩১ অক্টোবৰ : পাকিস্তানত বৃহস্পতিবাৰে পুৱাই চলন্ত কাৰাছী–ৰাৱালপিণ্ডি তেজগাম এক্সপ্ৰেছ নামৰ ৰেলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ।

জানিব পৰা অনুসৰি ৰাতিপুৱা যাত্রীয়ে আহাৰ প্ৰস্তুত কৰিবলৈ জ্বলোৱা গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে যাৰ ফলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ । অগ্নিকাণ্ড হোৱাৰ সময়ত যাত্ৰীৰ মাজত হুৱা দুৱা লাগে আৰু অধিক সংখ্যক যাত্ৰীয়েই সেই সময়ত শুই আছিল ।

অগ্নিকাণ্ডৰ ফলত ৰেলখনৰ ৩ ডবা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত বৰ্তমানলৈকে ৬৫ জন লোক নিহত হোৱা বুলি খবৰ পোৱা গৈছে । ৪০ জনতকৈ অধিক লোক অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।