পলাশবাৰী, সংবাদ ৩৬৫, ১৩জুন : পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰিহাটৰ নিৰলপুৰৰ পৰা এগৰাকী মহিলা ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

পৰিয়ালৰ লোকে জানিব দিয়া মতে যোৱা ৪ জুনতেই ৰীতা হাজৰিকা নামৰ মহিলাগৰাকীয়ে নিৰলপুৰৰ অমৃত কলিতাৰ ভাড়াঘৰৰপৰা গুৱাহাটীলৈ যাম বুলি ওলাই গৈছিল । আৰু এই বিষয়ে নিজ মাতৃক অৱগতও কৰিছিল । কিন্তু ৰহস্যজনক ভাৱে ৪ জুনৰ পৰাই পৰিয়ালৰ লোকৰ সৈতে কোনো যোগাযোগ নোহোৱা হয় । এই সম্পৰ্কত পৰিয়ালৰ লোকে পলাশবাৰী আৰক্ষী থানাত যোৱা ৮ জুনত এখন এজাহাৰ দিয়ে যদিও আজিলৈ পৰিয়ালৰ লোকে আৰু আৰক্ষীয়ে নিৰুদ্ধেশ হোৱা মহিলা গৰাকীৰ আজিলৈ কোনো শুসুত্ৰ উলিয়াৱ পৰা নাই ।

৪ ফুট ১\২ ইঞ্চি উচ্চতাৰ , পিন্ধনত চুৰিদাৰ বগা বৰনৰ মহিলা গৰাকীৰ কোনো সদাসয় লোকে সম্ভেদ পালে ৬০০০৫৬৪০৩৩ নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।