নিউজ ডেস্ক, ১৪ ডিচেম্বৰ, ২০২৪ : অসমৰ তিনিগৰাকী খেলুৱৈয়ে অহা ১৭ ডিচেম্বৰত মিজোৰামত অনুষ্ঠিত হ’বলগীয়া প্ৰ’ পাঞ্জা (Panja) লীগত অংশ ল’ব৷ খেলুৱৈ তিনিগৰাকী হ’ল ক্ৰমে নিলয় শংকৰ, ঈশান কাশ্যপ আৰু ত্ৰিদীপ মেধি৷ উল্লেখ্য যে মিজোৰামৰ শীতকালীন উৎসৱৰ লগত সংগতি ৰাখি এই বছৰ নতুন পৰিকল্পনাৰে অসম ৰাইফলছৰ খেলপথাৰত প্ৰ’ পাঞ্জা লীগ মুঠ পাঁচখন মেচ অনুষ্ঠিত হ’ব৷

অসমৰ লগতে মিজোৰাম আৰু কাজাখস্তানৰ খেলুৱৈয়েও প্ৰ’ পাঞ্জাৰ মেচত অংশ ল’ব৷ ইতিমধ্যে ঘোষিত সূচী অনুসৰি অসমৰ নিলয়ে মিজোৰামৰ বনলাল্লুৰাৰ বিৰুদ্ধে খেলাৰ বিপৰীতে ঈশান কাশ্যপে মিজোৰামৰ কিমকিমাৰ মুখামুখি হ’ব৷ ইফালে, মিজোৰামৰ ৰেমণ্ডৰ বিৰুদ্ধে খেলিব অসমৰ ত্ৰিদীপ মেধিয়ে৷ আনহাতে, কাজাখস্তানৰ বেকজান ৰামিয়ানোভৰ বিৰুদ্ধে মিজোৰামৰ লালনুনপুয়ই তথা কাজাখস্তানৰ আছানালি নুৰমাগাম্বেটৰ বিৰুদ্ধে খেলিব মিজোৰামৰ ডেনিক লালৰুয়াটলুয়াংগেই৷

মিজোৰামৰ ক্ৰীড়া আৰু যুৱ বিভাগ, মিজোৰাম ক্ৰীড়া পৰিষদ আৰু মিজোৰাম পৰ্যটন মন্ত্ৰালয়ৰ সহযোগত হ’বলগা এই অনুষ্ঠানৰ সময়তে ২০২৫ চনত হবলগীয়া উত্তৰ-পূব প্ৰ’ প্ৰাঞ্জা চেম্পিয়নশ্বিপৰ সূচীও আনুষ্ঠানিকভাৱে ঘোষণা কৰিব৷ উল্লেখ্য যে উত্তৰ-পূবৰ আঠ ৰাজ্যৰ খেলুৱৈক পেছাদাৰী পাঞ্জা লীগত খেলাৰ সুযোগ দিয়াৰ লক্ষ্যৰে এই চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব৷

এই সন্দৰ্ভত প্ৰ’ পাঞ্জা লীগৰ সহ-প্ৰতিষ্ঠাপক পাৰভিন ডাবাছে কয় ‘অসম আৰু উত্তৰ-পূবৰ অন্যান্য অঞ্চলত পাঞ্জা খেলে ক্ৰীড়াপ্ৰেমীৰ সঁহাৰি লাভ কৰাত আমি আনন্দিত হৈছো৷ আমি শীতকালীন উৎসৱৰ অংশ হ’বলৈ পায়ো উৎফুল্লিত হৈছো৷ প্ৰ’ পাঞ্জা লীগে মিজোৰামত আৰ্ম ৰেছলিং খেলৰ নৱ উত্থান নিশ্চিত কৰিব৷’