ৰঙিয়া, ২৯ অক্টোবৰঃ ৰঙিয়াত শনিবাৰে নিশা সংঘটিত এক ৰহস্যজনক পথ দুৰ্ঘটনাত মহেশ শীল(৩০) নামৰ এজন যুৱকে কৰুণ মৃত্যুক সাৱতি লোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, শেহতীয়াভাৱে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা কিছু আনুষাংগিক তথ্য প্ৰমাণে সমগ্ৰ দুৰ্ঘটনাটোক এক হত্যাকাণ্ড বুলিহে স্পষ্ট কৰিছে। দুৰ্ঘটনাস্থলীত বাইকৰ লগতে বাইক আৰোহী জ্বলি যোৱা, বাইকৰ তেলৰ টেংকিৰ সাঁফৰ খুলি থকা, হেলমেট অক্ষত অৱস্থাত থকা, ঘটনাস্থলীৰ ওচৰত মদৰ বটল উদ্ধাৰ হোৱাৰ দৰে কিছুমান তথ্যই সমগ্ৰ দুৰ্ঘটনাটোক পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিছে৷ উল্লেখ্য যে, ৰঙিয়াৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে শনিবাৰে ঘৰলৈ আহি থকা সময়ত গড়ভিতৰ বালাগাঁৱত ৰহস্যজনকভাৱে মহেশ শীলৰ দুৰ্ঘটনা হৈ বাইকসহ মৃত্যু হয়৷ মহেশৰ পৰিয়ালৰ এই দুৰ্ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে৷ আৰক্ষীয়েও পৰিয়ালৰ অভিযোগৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ লগতে পৰিয়াল তথা কিছুলোকৰ সাক্ষ্য গ্ৰহণ কৰে।