লংকা, ৪ জুনঃ ৰাজ্যৰ প্ৰায় সংখ্যক উন্নয়নখণ্ডৰ অধীনস্থ পঞ্চায়ত ৰাজ ব্যৱস্থাত বৰ্তমান চলি আছে এটাৰ পিছত আনটো বিয়াগোম দুৰ্নীতি৷ পঞ্চায়তৰ প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি খণ্ড উন্নয়ন বিষয়া, অভিযন্তা সকলোৱে দুৰ্নীতিৰ সৈতে জড়িত৷ তাৰেই এটা জলন্ত উদাহৰণ লংকাৰ উদালী উন্নয়ন খণ্ডৰ অধীনস্থ বামুণ গাওঁ পঞ্চায়তৰ বিলপাৰ অঞ্চল৷ এই বিলপাৰা অঞ্চলৰ পথ নিৰ্মাণত চলিছে সীমাহীন দুৰ্নীতি। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে একেটা পথৰ নিৰ্মাণৰ বাবে পঞ্চায়তৰ  সভাপতি-সভানেত্ৰীসকলে আত্মসাৎ কৰি আহিছে লক্ষাধিক টকা। ২০১৪-১৫ চনত  এমজিএনৰেগা আঁচনিৰ অধীনত এই পথটোৰ নিৰ্মাণৰ বাবে আৱণ্টন হৈছিল ১৪,৫১,০০০ টকা। বামুণ গাওঁ পঞ্চায়তে ১,১০০ মিটাৰ পথ দেখুৱাই ১৪,৫১,০০০ টকা আবণ্টন কৰা পথটোৰ প্ৰকৃত দৈৰ্ঘ্য আছিল মাত্ৰ ৭৬৫ মিটাৰহে। পঞ্চায়তৰ সভানেত্ৰী ফৰিদা বেগমে উদালি গাঁও পঞ্চায়তৰ প্রায়বোৰ কামতেই এনেদৰে অবাধ দুৰ্নীতি চলাই আহিছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে সভানেত্ৰী গৰাকীয়ে মাত্ৰ ৩০ মিটাৰ পথত ৪০ ৰ পৰা ৫০ ট্ৰেক্টৰ মাটি পেলাই প্ৰায় ১০ লক্ষাধিক টকা আত্মসাত কৰিছে। আৰ টি আইৰ তথ্যৰ  ভিত্তিত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছত ঘটনা সন্দৰ্ভত ৰাইজে জিলা উপায়ুক্তক অভিযোগ দিয়ে। জিলা উপায়ুক্তই অভিযোগৰ ভিত্তিত সমগ্ৰ ঘটনা সন্দৰ্ভত  তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে, ২০১৪-১৫ বৰ্ষত উক্ত পথ নিৰ্মাণৰ বাবে কেবা লক্ষাধিক টকাৰ আবন্টন হৈছিল যদিও শিলগুটি,ৰাবিচৰ পৰিবৰ্তে সভানেত্ৰী ফৰিদা বেগমে অলপমান মাটি পেলাই কামৰ দায়িত্ব সামৰে৷ যাৰ ফলস্বৰূপে এজাক কিনকিনিয়া বৰষুণতেই পথটো বোকাময় হৈ পৰাৰ লগতে যাতায়তৰ অনুপযোগী হৈ পৰে৷ ইতিমধ্যে এই পথছোৱাৰে যাতায়ত কৰি বহুলোক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হ’ব লগা হৈছে৷ স্থানীয় ৰাইজে পথ নিৰ্মাণৰ নামত চলা দুৰ্নীতিৰ তদন্ত বিচাৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে৷ দুৰ্নীতি মুক্ত সমাজ গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনে এনে দুৰ্নীতিগ্ৰস্ত প্ৰতিনিধি তথা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে মোটা ধনৰ লেনদেনেৰে এনেদৰে দুৰ্নীতি চলাই যাব, সেয়া সময়তহে দেখা যাব৷