গুৱাহাটী, ২০ ডিচেম্বৰ, ২০২৫ : মহানগৰীৰ আগশাৰীৰ চুপাৰ-স্পেচিয়েলিটি হস্পিতাল পিয়াৰলেছ হস্পিতাল গুৱাহাটীয়ে এই বছৰৰ আগভাগত অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ (Royal Global University) সৈতে স্বাক্ষৰ কৰা এক বুজাবুজিৰ চুক্তিৰ জৰিয়তে নিজৰ শৈক্ষিক-ক্লিনিকেল অংশীদাৰিত্বক পুনৰ শক্তিশালী কৰিছে। প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যসেৱা কৰ্মীৰ জৰুৰী নাটনি আৰু উদ্যোগ-সমন্বিত শিক্ষাৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ ফলত এই সহযোগিতাই ইতিমধ্যে এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে।
এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছৰে পৰা, পিয়াৰলেছ হস্পিতালে ৰয়েল স্কুল অফ মেডিকেল এণ্ড এলাইড চাইন্সেছ (আৰ এছ এম এ এছ)ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেইবাটাও ক্লিনিকেল এক্সপ’জাৰ ছেছন, বিশেষজ্ঞৰ নেতৃত্বত বক্তৃতা আৰু সুসংগঠিত উদ্যোগৰ অভিজ্ঞতাৰ ব্যৱস্থা কৰিছে। এই প্ৰচেষ্টাসমূহে ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱ হাস্পতালৰ পৰিৱেশত হাতে-কামে শিকাত সহায় কৰিছে, যাৰ ফলত চিকিৎসা শিক্ষাই সমসাময়িক স্বাস্থ্যসেৱাৰ প্ৰত্যাহ্বানসমূহৰ সৈতে সংযোগ হৈ থকাটো নিশ্চিত হৈছে। এই অংশীদাৰিত্বৰ অধীনত, আৰ এছ এম এ এছৰ ছাত্ৰ-ছাত্ৰীসকলে ক্লিনিকেল ট্ৰেইনিং, ইণ্টাৰ্নশ্বিপ, গৱেষণা আৰু শৈক্ষিক বিনিময়ৰ জৰিয়তে সুযোগ লাভ কৰি থাকিব। ইয়াৰ ফলত শ্ৰেণীকোঠাৰ শিক্ষাৰ সৈতে পূব ভাৰতৰ বাস্তৱ জগতৰ চিকিৎসা পদ্ধতিৰ মাজত এক সেঁতু নিৰ্মাণ হ’ব।
এই বুজাবুজিৰ চুক্তিত পিয়াৰলেছ হস্পিতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাস, পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট তথা জৰুৰীকালীন বিভাগৰ সঞ্চালক ডাঃ প্ৰণৱ বৰুৱা, অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ পঞ্জীয়ক (প্ৰশাসন) ডঃ দিগন্ত মুন্সি আৰু অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ আৰ এছ এম এ এছৰ ডীন ডঃ অভিজিৎ দত্তই স্বাক্ষৰ কৰে। পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসে কয়, “আমি স্বাস্থ্যসেৱাৰ এক পৰিৱৰ্তনশীল সময়ৰ সাক্ষী হৈছো, য’ত উচ্চ দক্ষতাসম্পন্ন কৰ্মীৰ চাহিদা যোগানতকৈ বহু বেছি। বিশেষকৈ উত্তৰ-পূব ভাৰতত এই সমস্যা অধিক। এই অংশীদাৰিত্বই সেই নাটনি পূৰণ কৰাত সহায় কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুসংগঠিত, বিশেষ ক্লিনিকেল এক্সপ’জাৰ নিশ্চিত কৰি, আমি এনে এক কৰ্মশক্তি গঢ়ি তুলিছো যি আত্মবিশ্বাসী, উপযুক্ত আৰু ভৱিষ্যতৰ বাবে সাজু।”
তেওঁ লগতে কয় যে পিয়াৰলেছ হাস্পতালে নিজৰ আন্তঃগাঁথনিৰ বাহিৰেও জ্ঞানৰ আদান-প্ৰদান আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। ডাঃ দাসে কয়, “উদ্যোগ-সমন্বিত চিকিৎসা শিক্ষাৰ প্ৰয়োজনীয়তা এতিয়া সৰ্বাধিক। আমাৰ দলে ইতিমধ্যে বিশ্ববিদ্যালয়খনত কেইবাটাও সমাৱেশ অনুষ্ঠিত কৰিছে, আৰু উত্তৰ-পূৰ্বাঞ্চলত দক্ষতা বিকাশ আৰু স্বাস্থ্যসেৱা সক্ষমতা বৃদ্ধিৰ বাবে আমাৰ দৰে দৃষ্টিভংগী থকা অধিক প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ আমি সাজু।” প্ৰণিধানযোগ্য যে, জুলাই মাহত শুভ উদ্বোধন হোৱাৰ পিছৰে পৰা পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে কেইবাটাও সামাজিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আছে বিশেষ অ’পিডি, স্বাস্থ্য শিবিৰ, প্ৰতিৰোধী স্বাস্থ্য পৰীক্ষা অভিযান আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ বাবে কল্যাণ কাৰ্যসূচী। এই সকলো প্ৰচেষ্টা আৰু লগতে হাস্পতালখনৰ শৈক্ষিক সহযোগিতাই সমগ্ৰ অঞ্চলটোত স্বাস্থ্যসেৱাৰ মানদণ্ড, সজাগতা আৰু সহজলভ্যতা উন্নত কৰাৰ বাবে থকা পিয়াৰলেছ হাস্পতালৰ বৃহত্তৰ লক্ষ্যক প্ৰতিফলিত কৰে।
