গুৱাহাটী, ২৫ মাৰ্চ, ২০২৬ : প্ৰতিৰোধ আৰু নিৰাময়যোগ্য হোৱা সত্ত্বেও ভাৰতত এক অন্যতম জনস্বাস্থ্যৰ প্ৰত্যাহ্বান হিচাপে আজিও বিবেচিত হৈ আহিছে যক্ষ্মা (TB) ৰোগ। বিশেষজ্ঞসকলে ইয়াৰ স্থায়িত্বৰ বাবে মূলত ৰোগ নিৰ্ণয়ত হোৱা বিলম্ব, চিকিৎসকৰ পৰামৰ্শ অবিহনে কৰা চিকিৎসা আৰু সমাজত প্ৰচলিত লজ্জাক জগৰীয়া কৰে। উল্লেখ্য যে, শেহতীয়া তথ্য অনুসৰি বিশ্বৰ মুঠ যক্ষ্মাৰোগীৰ প্ৰায় এক চতুৰ্থাংশই বাস কৰে ভাৰতত। চিকিৎসকসকলে কয় যে সমস্যাটোৰ এক বৃহৎ অংশই নিহিত হৈ আছে ৰোগীয়ে প্ৰাৰম্ভিক লক্ষণসমূহ আওকাণ কৰা আৰু কেৱল ৰোগটোৱে জটিল ৰূপ ধাৰণ কৰিলেহে চিকিৎসকৰ ওচৰলৈ যোৱা বিষয়টোৰ মাজত।

গুৱাহাটীৰ পিয়াৰলেছ হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা (ইণ্টাৰনেল মেডিচিন) ডাঃ আছিফ ইকবাল হুছেইনে কয়, “অজ্ঞতা এতিয়াও এক ডাঙৰ অন্তৰায় হিচাপে থিয় দিছে। মানুহে প্ৰায়ে সামান্য জ্বৰ আৰু দীৰ্ঘদিনীয়া কাহক গুৰুত্ব নিদিয়াকৈ ফাৰ্মাচীৰ পৰা অনা দৰবৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকে সাধাৰণতে এজন চিকিৎসকৰ ওচৰলৈ তেতিয়াহে আহে যেতিয়া কাহত তেজ ওলোৱাৰ দৰে অধিক ভয়াৱহ লক্ষণে দেখা দিয়ে।” তেওঁৰ মতে, ৰোগ নিৰ্ণয়ত হোৱা এই বিলম্বই ৰোগীৰ শাৰীৰিক অৱস্থা অধিক সংকটজনক কৰি তোলে আৰু সমাজৰ মাজত সংক্ৰমণৰ আশংকাও বৃদ্ধি কৰে।

চিকিৎসকগৰাকীয়ে লগতে কয়, “অধিকসংখ্যক ৰোগীয়েই প্ৰাৰম্ভিক লক্ষণসমূহক ধূমপান, মদ্যপান, ধূলি-বালি বা আনকি শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ দৰে জীৱনশৈলীৰ কাৰক বুলি ভুলকৈ ভাবি লয় আৰু ৰোগটো নিজে নিজে নিৰাময় হ’ব বুলি আশা কৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ মাজতে তেওঁলোকে আনৰ সৈতে মিলামিছা অব্যাহত ৰাখে আৰু অজানিতেই সংক্ৰমণ বিয়পাই দিয়ে।” স্বাস্থ্য বিশেষজ্ঞসকলে লগতে আঙুলিয়াই দিয়ে যে অনিয়ন্ত্ৰিত মধুমেহ, এইচআইভি, কৰ্কট ৰোগ বা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা আন জটিলতাত ভোগা ব্যক্তিসকল যক্ষ্মাৰোগৰ চিকাৰ হোৱাৰ সম্ভাৱনা অধিক। ৰোগ নিৰ্ণয়ৰ প্ৰযুক্তিগত উৎকৰ্ষ সাধন হোৱা সত্ত্বেও সজাগতাৰ অভাৱ আজিও এক প্ৰধান অন্তৰায় হিচাপে বিবেচিত হৈ আহিছে।

ডাঃ হুছেইনে কয় যে চি বি এন এ এ টিৰ দৰে আধুনিক পৰীক্ষাই এতিয়া অতি ক্ষিপ্ৰতাৰে যক্ষ্মা চিনাক্ত কৰিব পাৰে। ইয়াৰ দ্বাৰা ৰিফাম্পিচিন প্ৰতিৰোধৰ ক্ষমতাও নিৰূপণ কৰা হয়। ফলত সপ্তাহ ধৰি চলা পুৰণি পৰীক্ষাসমূহৰ তুলনাত ৰোগ নিৰ্ণয়ৰ সময় যথেষ্ট হ্ৰাস পাইছে। লক্ষ্যণীয়ভাৱে, গুৱাহাটীৰ পিয়াৰলেছ হাস্পতাললৈ এতিয়াও ধাৰাবাহিকভাৱে আগমন ঘটে জটিল লক্ষণযুক্ত ৰোগীৰ। চিকিৎসকসকলৰ মতে, অধিকাংশ লোকে সপ্তাহৰ পাছত সপ্তাহ ধৰি নিজে নিজে দৰব খাই থকাৰ পাছতহে চিকিৎসালয়লৈ আহে। এনে কাৰ্যই ৰোগৰ লক্ষণ আৰু প্ৰকৃত ৰোগ নিৰ্ণয়ৰ মাজত থকা বিশাল ব্যৱধানটোকে স্পষ্ট কৰি তোলে।

তেওঁ লগতে কয়, “বৰ্তমান সময়ত ৰোগ নিৰ্ণয়ৰ পদ্ধতি অধিক দ্ৰুত আৰু নিখুঁত হৈ উঠিছে যদিও মানুহে এতিয়াও পৰীক্ষা কৰিবলৈ পলম কৰে। প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ চিনাক্ত কৰি সময়মতে চিকিৎসা গ্ৰহণ কৰিলে কেৱল ৰোগীৰ প্ৰাণ ৰক্ষাই নহয়, বৰঞ্চ সমাজত ইয়াৰ সংক্ৰমণো প্ৰতিৰোধ কৰিব পাৰি।” পিয়াৰলেছ হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসে কয়, “চিকিৎসাৰ অভাৱত নহয়, বৰঞ্চ সজাগতাৰ অভাৱ আৰু সঠিক সময়ত ৰোগ নিৰ্ণয় নোহোৱাৰ বাবেই যক্ষ্মা আজিও ভাৰতৰ জনস্বাস্থ্যৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ ৰৈছে। স্বাস্থ্য সেৱা প্ৰদানকাৰী হিচাপে আমাৰ লক্ষ্য কেৱল চিকিৎসাতেই সীমাবদ্ধ নহয়; ইয়াৰ লগতে সোনকালে ৰোগ পৰীক্ষা কৰা আৰু সমাজত এই ৰোগক লৈ থকা লজ্জা দূৰ কৰাটোও আমাৰ দায়িত্ব। সঠিক সময়ত ৰোগীৰ চিকিৎসা নিশ্চিত কৰিব পাৰিলেহে এই সংক্ৰমণ নিয়ন্ত্ৰণ কৰা সম্ভৱ হ’ব।”

ডাঃ হুছেইনে কয় যে সংক্ৰামক ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ক’ভিড-১৯ মহামাৰীয়ে এক গুৰুত্বপূৰ্ণ শিক্ষা দি থৈ গৈছে। তেওঁ লগতে কয়, “ক’ভিডৰ সময়ছোৱাত পঞ্জীয়নভুক্ত যক্ষ্মাৰোগীৰ সংখ্যা কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল। স্বাস্থ্যসেৱাত বাধা আৰু পৰীক্ষাৰ সংখ্যা কমি যোৱাৰ উপৰি চাফ-চিকুণতা আৰু মাস্ক পৰিধানৰ প্ৰতি বৃদ্ধি পোৱা সজাগতাই ইয়াৰ অন্যতম কাৰণ আছিল। ইয়াৰ পৰা স্পষ্ট হয় যে সাধাৰণ সাৱধানতাইও সংক্ৰামক ৰোগৰ প্ৰসাৰ যথেষ্ট পৰিমাণে ৰোধ কৰিব পাৰে।” চিকিৎসকসকলে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ বৰ্ধিত প্ৰত্যাহ্বানক লৈও সতৰ্কবাণী প্ৰদান কৰিছে। তেওঁলোকে কয় যে, প্ৰায়ে আধৰুৱা বা ভুল চিকিৎসাৰ ফলতেই এনে জটিলতাই দেখা দিয়ে।

ডাঃ হুছেইনে এই সন্দৰ্ভত বিষদভাৱে কয়, “যদিহে ৰোগীয়ে নিজে নিজে দৰব খায় অথবা লক্ষণবোৰ কিছু উপশম হোৱা যেন দেখিলেই চিকিৎসা আধাতে বন্ধ কৰি দিয়ে, তেন্তে সেয়া মাল্টি-ড্ৰাগ ৰেজিষ্টেণ্ট (এমডিআৰ) বা এক্সটেনছিভলি ড্ৰাগ ৰেজিষ্টেণ্ট (এক্সডিআৰ) যক্ষ্মালৈ ৰূপান্তৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এনে ৰোগীক দীৰ্ঘদিনীয়া আৰু জটিল চিকিৎসাৰ প্ৰয়োজন হয়। আনকি কিছুমান ক্ষেত্ৰত অস্ত্ৰোপচাৰৰো আশ্ৰয় ল’বলগীয়া হ’ব পাৰে।” মন কৰিবলগীয়া যে, যক্ষ্মাৰোগৰ সাধাৰণ চিকিৎসা সাধাৰণতে ছমাহ ধৰি চলে। ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ (এনটিইপি) অধীনত আৰু প্ৰধানমন্ত্ৰী টিবি মুক্ত ভাৰত অভিযানৰ দৰে পদক্ষেপৰ জৰিয়তে এই চিকিৎসা চৰকাৰীভাৱে সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়োৱা হয়। অৱশ্যে, এই সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়াটো নিষ্ঠাৰে সম্পূৰ্ণ কৰাটো অত্যন্ত জৰুৰী।

তেওঁ লগতে কয়, “এমাহ-দুমাহৰ ভিতৰতে লক্ষণসমূহ উপশম হ’লেও ৰোগীয়ে সম্পূৰ্ণ চিকিৎসা গ্ৰহণ কৰিবই লাগিব। চিকিৎসা আধাতে এৰি দিয়া কোনো এজনো ৰোগী থকাটো অনুচিত, কিয়নো আধৰুৱা চিকিৎসাকৰণে কেৱল ৰোগীৰেই ক্ষতি নকৰে, বৰঞ্চ সমাজত সংক্ৰমণৰ পৰিসৰো বৃদ্ধি কৰে।” উল্লেখ্য যে, বিগত বছৰবোৰত সামাজিক লজ্জা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও ই এতিয়াও একাংশ লোকক সময়মতে চিকিৎসা ল’বলৈ বাধা দি আহিছে। এনে স্থিতিয়ে এই সংক্ৰামক ৰোগ নিয়ন্ত্ৰণৰ প্ৰচেষ্টাক অধিক জটিল কৰি তুলিছে।

বিশেষজ্ঞসকলৰ মতে, চৰকাৰী পদক্ষেপৰ সমান্তৰালভাৱে জনসজাগতা আৰু ব্যক্তিগত অভ্যাসৰ পৰিৱৰ্তন যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত অত্যন্ত জৰুৰী।
ডাঃ হুছেইনে কয়, “অধিক ভিৰ থকা ঠাই পৰিহাৰ কৰা, চাফ-চিকুণতা বজায় ৰখা আৰু ৰাজহুৱা স্থানত থু-খেকাৰ নেপেলোৱাটো অতি সাধাৰণ যেন লাগিলেও সংক্ৰমণ ৰোধৰ বাবে এইবোৰ অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।” বিশ্ব যক্ষ্মা দিৱসৰ লগত সংগতি ৰাখি চিকিৎসকসকলে পুনৰ সোঁৱৰাই দিছে যে দেশৰ চিকিৎসা আন্তঃগাঁথনি আৰু সুযোগ-সুবিধা পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে। তথাপিও ভাৰতত যক্ষ্মাৰ বোজা হ্ৰাস কৰিবলৈ হ’লে প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ নিৰ্ণয় আৰু জনসাধাৰণৰ সচেতনতাই আজিও মূল চাবিকাঠি হিচাপে বিবেচিত হৈছে।