গুৱাহাটী, ২২ অক্টোবৰ, ২০২৫ : চিকিৎসা ক্ষেত্ৰত আন এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল পিয়াৰলেছ হাস্পতাল (Peerless Hospital) গুৱাহাটীয়ে। চিকিৎসালয়খনৰ চিকিৎসকৰ দলে শেহতীয়াকৈ নাগালেণ্ডৰ এগৰাকী ৬৯ বছৰীয়া মহিলাৰ পেটৰ এওৰ্টিক এনিউৰিজমৰ বৃহৎ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰি হাস্পতালখনৰ সাফল্যৰ ইতিহাসত আন এক মাত্ৰা যোগ কৰে। উল্লেখ্য যে, এই মহিলাগৰাকীৰ পেট ফুলাৰ লগতে মাজে মাজে পেট আৰু কঁকালৰ বিষত ভুগিছিল। হাস্পতালত ভৰ্তি হোৱাৰ পিছত মহিলাগৰাকীৰ এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰে কাৰ্ডিয়েক চাৰ্জাৰী বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ জ্যোতিপ্ৰসাদ কলিতাই।

প্ৰায় ১০ বছৰ ধৰি উচ্চ ৰক্তচাপত ভুগি থকা মহিলা ৰোগীগৰাকীয়ে নিয়মীয়াকৈয়ে ঔষধ সেৱন কৰি আছিল। তেওঁৰ আল্ট্ৰাছাউণ্ড আৰু চিটি এঅ’ৰ্ট’গ্ৰামত বৃক্কৰ তলত ৬.২ x ৪.৮ x ৪.৫ চেণ্টিমিটাৰ জোখৰ এটা বৃহৎ এওৰ্টিক এনিউৰিজম ধৰা পৰে। যিহেতু এনে এনিউৰিজম ফাটি যোৱাৰ সম্ভাৱনা অতি বেছি, গতিকে ৰোগীগৰাকীক লগে লগে অস্ত্ৰোপচাৰৰ বাবে লৈ যোৱা হয়। ইয়াৰ পিছতে জোটেক ২২ ডাক্ৰন টিউব গ্ৰাফ্ট ব্যৱহাৰ কৰি এওৰ্টিক ইন্টাৰপজিচন গ্ৰাফ্টিঙৰ দ্বাৰা এওৰ্টিক এনিউৰিজম সফলতাৰে বাহিৰ কৰিবলৈ সক্ষম হয় চিকিৎসকৰ দলে।
লক্ষ্যণীয়ভাৱে, অস্ত্ৰোপচাৰৰ সময়ত কোনো ধৰণৰ জটিলতা দেখা নগ’ল। যাৰ বাবে অস্ত্ৰোপচাৰৰ তিনি ঘণ্টাৰ ভিতৰতে তেওঁক আই চি ইউত ভেণ্টিলেচনৰ পৰা উলিয়াই দিয়া হয়। অস্ত্ৰোপচাৰৰ পিছতো তেওঁ প্ৰায় স্বাভাৱিক থাকে। এই সময়ছোৱাত ৰোগীগৰাকীক মাত্ৰ এটা ইউনিট তেজ সঞ্চালনৰ প্ৰয়োজন হয়। তেওঁৰ দ্ৰুত আৰোগ্যলৈ চাই অস্ত্ৰোপচাৰৰ চতুৰ্থ দিনটোত সুস্থিৰ অৱস্থাত তেওঁক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়।

এই সফল অস্ত্ৰপচাৰ সন্দৰ্ভত মন্তব্য কৰি পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া (চি ই অ’) ডাঃ গৌতম কুমাৰ দাসে কয়, “এই উল্লেখযোগ্য সফলতাৰ বাবে ডাঃ কলিতা আৰু তেওঁৰ সমগ্ৰ দলটোক অভিনন্দন জনাইছো। এই উল্লেখযোগ্য আৰোগ্য আমাৰ দলৰ উচ্চ পৰ্যায়ৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞতা আৰু চিকিৎসা সমন্বয়ৰ প্ৰতিফলন। দক্ষ আৰু দয়ালু চিকিৎসকৰ এটা দলৰ সমৰ্থনত আমি আমাৰ ওপৰত বিশ্বাস ৰখা প্ৰতিজন ৰোগীক উন্নত আৰু সুলভ চিকিৎসা সেৱা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। উত্তৰ-পূবতে যাতে জটিল অস্ত্ৰোপচাৰসমূহো নিৰাপদে সম্পন্ন কৰিব পৰা যায়, সেয়াই আমাৰ লক্ষ্য।”

এনে ৰোগ সন্দৰ্ভত মন্তব্য কৰি কাৰ্ডিয়েক চাৰ্জাৰীৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ জ্যোতিপ্ৰসাদ কলিতাই কয়, “এবডোমিনেল এওৰ্টিক এনিউৰিজম (এ এ এ) হৈছে জীৱন নাশ কৰিব পৰা সংকটজনক অৱস্থা, য’ত পেট, শ্ৰোণী আৰু ভৰিলৈ তেজ যোগান ধৰা মূল ধমনী অস্বাভাৱিকভাৱে ডাঙৰ হৈ পৰে। চিকিৎসা নকৰিলে ই ফাটি গৈ ভয়ংকৰ শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। আভ্যন্তৰীণ ৰক্তক্ষৰণৰ লগতে মৃত্যু পৰ্যন্ত হ’ব পাৰে। সেয়েহে এই ৰোগ আগতীয়াকৈ ধৰা পেলোৱা আৰু সময়মতে অস্ত্ৰোপচাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ।” এই সফল অস্ত্ৰোপচাৰৰ জৰিয়তে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে বিশেষজ্ঞতা, দলীয় কাম-কাজ, আৰু সহানুভূতিশীল মনোভাৱৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণক উচ্চ আৰু সুলভ চিকিৎসা সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি পুনৰবাৰ সুদৃঢ় কৰিছে।