গুৱাহাটী, ২৯ অক্টোবৰ, ২০২৫ : বিশ্ব ষ্ট্ৰোক দিৱস উপলক্ষে পিয়াৰলেছ হাস্পতাল গুৱাহাটীয়ে বুধবাৰে গুৱাহাটী (Guwahati) প্ৰেছ ক্লাবত এখন সংবাদমেলত জৰুৰীকালীন চিকিৎসা সেৱাত ‘গোল্ডেন আৱাৰ’ৰ জীৱন ৰক্ষাকাৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ ষ্ট্ৰোক, হাৰ্ট এটেক আৰু ট্ৰমাৰ ক্ষেত্ৰত এই সময়ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি চিকিৎসালয়খনে এক বৃহৎ গণ সজাগতা অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।
পিয়াৰলেছ হাস্পতালৰ চিকিৎসকৰ এটা দলে কয় যে ৰোগীৰ জীৱন ৰক্ষা আৰু দীৰ্ঘম্যাদী আৰোগ্য নিশ্চিত কৰাত ‘গোল্ডেন আৱাৰ’য়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উপযুক্ত জৰুৰীকালীন চিকিৎসা সুবিধা থকা চিকিৎসালয়ত উপনীত হোৱাত পলম হ’লে ৰোগীৰ আৰোগ্যৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ চিকিৎসা অধীক্ষক তথা জৰুৰীকালীন বিভাগৰ সঞ্চালক ডাঃ প্ৰণৱ বৰুৱাই কয়,“ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ ক্ষেত্ৰত প্ৰতিটো মিনিট বহুমূলীয়া। যেতিয়া তেজৰ সোঁত বাধাপ্ৰাপ্ত হয় তেতিয়া মগজু আৰু হৃদকোষৰ ক্ষতি সোনকালে হ’বলৈ আৰম্ভ কৰে। গোল্ডেন আৱাৰৰ ভিতৰত ৰোগী সুসজ্জিত চিকিৎসালয়ত উপনীত হ’লে আমি থ্ৰম্ব’লাইছিছৰ দৰে জীৱন ৰক্ষাকাৰী চিকিৎসা প্ৰদান কৰিব পাৰো, যাৰ ফলত আৰোগ্যৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।”
এই নতুন অভিযানৰ অংশ হিচাপে পিয়াৰলেছ হাস্পতালে ৰাজহুৱা স্থান, শিক্ষানুষ্ঠান আৰু সমাজত আই ই চি (তথ্য, শিক্ষা আৰু যোগাযোগ) কাৰ্যসূচী অনুষ্ঠিত কৰিব। তদুপৰি, ষ্ট্ৰোকৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্তকৰণ, শীঘ্ৰে সহায় বিচৰা আৰু জৰুৰীকালীন সেৱা ক্ষিপ্ৰতাৰে লাভৰ সম্পৰ্কে বিভিন্ন মাধ্যম আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে সজাগতা বৃদ্ধি কৰা হ’ব।
পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ স্নায়ু বিজ্ঞান বিভাগৰ ডাঃ কুৰ্মি ৰাজেশ কুমাৰ বীৰেন্দ্ৰপ্ৰসাদে কয়, “বহু সময়ত ষ্ট্ৰোকৰ লক্ষণসমূহ আওকাণ কৰা হয়। মানুহে ইয়াক গুৰুতৰ নহয় বুলি ভাবে, কিন্তু এই বিলম্ব মাৰাত্মক হ’ব পাৰে। শৰীৰৰ এফাল হঠাতে দুৰ্বল হোৱা, কথা কোৱাত খোকোজা লগা, মুখ বেঁকা হৈ পৰা বা ভাৰসাম্য হেৰুৱাই পেলোৱা এনে ধৰণৰ লক্ষণসমূহ তাৎক্ষণিক চিকিৎসা প্ৰয়োজনীয়তাৰ ইংগিত। যদি পৰিয়াল বা ওচৰ-চুবুৰীয়াই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰে আৰু গোল্ডেন আৱাৰৰ ভিতৰতে ৰোগীক চিকিৎসালয়লৈ আনে, তেন্তে দীৰ্ঘম্যাদী অক্ষমতা প্ৰতিৰোধ কৰিব পৰা যায় আৰু বহু ক্ষেত্ৰত ৰোগীৰ জীৱন ৰক্ষা কৰাটোও সম্ভৱ হৈ উঠে।’’
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ নিউৰ’চাৰ্জাৰী বিভাগৰ ডাঃ শ্বাহানুৰ ৰহমানে কয়, “যেতিয়া মগজুলৈ তেজৰ সোঁত বন্ধ হৈ যায় তেতিয়া মগজুৰ কলাবোৰ অতি সোনকালে মৰিবলৈ আৰম্ভ কৰে। আজিৰ উন্নত ষ্ট্ৰোকৰ চিকিৎসাৰ দ্বাৰা আমি জমা হোৱা তেজ আঁতৰাব পাৰো বা পুনৰ তেজৰ সোঁত ঘূৰাই আনিব পাৰো। কিন্তু এই চিকিৎসা পদ্ধতিসমূহ তেতিয়াহে ফলপ্ৰসূ হয় যদিহে ৰোগী সময়মতে চিকিৎসালয়ত উপস্থিত হয়। লক্ষণসমূহ চিনাক্ত কৰি, সোনকালে সহায়ৰ বাবে আহ্বান জনাই আৰু যিমান পাৰি সোনকালে ওচৰৰ ষ্ট্ৰোক-প্ৰস্তুত হাস্পতাললৈ ৰোগীক লৈ গৈ আমি অক্ষমতা হ্ৰাস কৰিব পাৰো আৰু ৰোগীৰ আৰোগ্যৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰো।”
এই বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি পিয়াৰলেছ হাস্পতাল গুৱাহাটীৰ ক্ৰিটিকেল কেয়াৰ বিভাগৰ ডাঃ বন্দনা সিনহাই কয়, “গোল্ডেন আৱাৰ কেৱল এটা ধাৰণা নহয়- ই এক বাস্তৱতা, যিটো আমি জৰুৰীকালীন চিকিৎসা সেৱাত প্ৰতিদিনে সাক্ষী হৈ থাকোঁ।সময়ত জৰুৰীকালীন যত্ন, প্ৰশিক্ষিত চিকিৎসা দল আৰু আধুনিক আই চি ইউৰ সুবিধাই ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰে।আমি সকলোকে অনুৰোধ জনাইছো যে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰক, তৎকালীনভাৱে সহায়ৰ আহ্বান জনাই এম্বুলেন্সক বাট এৰি দিয়ক যাতে এটাও বহুমূলীয়া ছেকেণ্ড নষ্ট নহয়।”
ডাঃ প্ৰণৱ বৰুৱাই আৰু কয়, “এখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল হিচাপে আমি প্ৰতিদিনে দেখিবলৈ পাওঁ যে সময়োপযোগী চিকিৎসাই কিমান জীৱন ৰক্ষা কৰে। গোল্ডেন আৱাৰ কেৱল চিকিৎসাৰ শব্দ নহয়, ই হৈছে জীৱন আৰু মৃত্যুৰ পাৰ্থক্য। এই অভিযানৰ জৰিয়তে আমি নাগৰিক, সংবাদ মাধ্যম, স্বেচ্ছাসেৱী সংগঠন আৰু প্ৰতিষ্ঠানসমূহক একেলগে কাম কৰিবলৈ আহ্বান জনাইছো যাতে জৰুৰীকালীন চিকিৎসা সেৱাৰ এক দ্ৰুত ব্যৱস্থা গঢ়ি তুলিব পৰা যায়। প্ৰতিটো ছেকেণ্ডৰ মূল্য উপলব্ধি কৰি আমি এটা পৰিয়ালক এটা নতুন ভৱিষ্যত আগবঢ়াব পাৰো।’’
সংবাদমেলত চিকিৎসা দলৰ সদস্যসকলে ষ্ট্ৰোকৰ প্ৰাৰম্ভিক লক্ষণসমূহ (যেনে হঠাতে দুৰ্বলতা, কথা কোৱাত জঠৰতা আৰু ভাৰসাম্য হেৰুওৱা) আৰু হৃদযন্ত্ৰৰ জৰুৰীকালীন অৱস্থাৰ লক্ষণসমূহ (যেনে বুকুৰ বিষ, উশাহ লোৱাত কষ্ট আৰু ঘাম ওলোৱা)ৰ ওপৰত আলোকপাত কৰে। এই লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰি জৰুৰীকালীন চিকিৎসা সেৱাৰ সৈতে তাৎক্ষণিক সংস্পৰ্শলৈ আহিলে স্থায়ী অক্ষমতা ৰোধ কৰি জীৱন ৰক্ষা কৰিব পাৰি। পিয়াৰলেছ হাস্পতাল গুৱাহাটীত উপলব্ধ থ্ৰম্ব’লাইছিছৰ দৰে জীৱন ৰক্ষাকাৰী চিকিৎসা পদ্ধতিৰে এনে ৰোগীক ফলপ্ৰসূভাৱে চিকিৎসা কৰিব পৰা যাব বুলি লগতে জানিবলৈ দিয়ে চিকিৎসকসকলে।
উল্লেখ্য যে, অভিযানৰ অংশ হিচাপে পিয়াৰলেছ হাস্পতালে বৃহৎ পৰিসৰৰ গণ সজাগতা অভিযান, সামূহিক প্ৰচাৰ কাৰ্যসূচী, সংবাদ মাধ্যমৰ সহযোগিতা, শিক্ষামূলক বিষয়বস্তু সৃষ্টি, হৃদৰোগ আৰু ষ্ট্ৰোকৰ বিপদৰ ওপৰত তৃণমূল পৰ্যায়ৰ সজাগতা কাৰ্যসূচী আৰু জৰুৰীকালীন পৰিস্থিতিত প্ৰাথমিক চিকিৎসা আৰু চিকিৎসা ব্যৱস্থাপনাৰ প্ৰশিক্ষণ সমাৱেশ অনুষ্ঠিত কৰিব।
পিয়াৰলেছ হাস্পতালে সংবাদ সংস্থা, সামূহিক গোট আৰু স্থানীয় সংগঠনসমূহকো এই পদক্ষেপত যোগদান কৰিবলৈ আৰু সজাগতা বৃদ্ধিৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়।
