নিউজ ডেস্ক : ভাৰতীয় জনতা পাৰ্টীৰ সাংসদৰ বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ। ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ অৰ্জুন সিঙৰ বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ। পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ গৰাকীৰ বাসগৃত পেট্ৰ’ল বোমা নিক্ষেপ কৰা সময়ত সাংসদ গৰাকী আছিল দিল্লীত। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা পশ্চিম বংগৰ ২৪ পৰাগনা জিলাত।

জানিব পৰা মতে বুধবাৰে পুৱা প্ৰায় ৬.৩০ বজাত ২৪ পৰাগনা জিলাত থকা পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ অৰ্জুন সিঙৰ বাসগৃহত দুৰ্বৃত্তই পেট্ৰ’ল বোমা নিক্ষেপ কৰে। সাংসদ অৰ্জুন সিঙৰ বাসগৃহত দুৰ্বৃত্তই তিনিটাকৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰে। ঘটনাৰ সময়ত বিজেপিৰ সাংসদ গৰাকী দিল্লীত আছিল।

জানিব পৰা মতে বিজেপিৰ সাংসদ অৰ্জুন সিঙৰ পৰিয়ালৰ অন্য লোকসকলো ঘটনাৰ সময়ত অন্য ঠাইত আছিল। ঘটনাত সাংসদ গৰাকীৰ বাসগৃহত উপস্থিত থকা অন্য কেইবাজনো লোক আহত হোৱা বুলি বিজেপিৰ সাংসদ গৰাকীয়ে দাবী কৰিছে।

উল্লেখ্য যে পশ্চিম বংগত বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা হিংসাত্মক ঘটনা সংঘটিত হৈ আছে। তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ সংঘাত দেখিবলৈ পোৱা গৈছে পশ্চিম বংগত। ইফালে বিজেপিৰ সাংসদৰ বাসগৃহত হোৱা আক্ৰমণৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে পশ্চিম বংগ আৰক্ষীয়ে।

পশ্চিম বংগৰ বিজেপিৰ সভাপতি দিলীপ ঘোষ বিজেপি সাংসদ অৰ্জুন সিঙৰ বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপৰ ঘটনাৰ লগত তৃণমূল কংগ্ৰেছৰ লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনখৰে উদ্বেগ প্ৰকাশ কৰিছে। বিজেপিৰ সাংসদৰ বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ কৰা ঘটনাই সমগ্ৰ ৰাজ্যখনত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।