গুৱাহাটী, সংবাদ ৩৬৫, ২৪ আগষ্ট : গুৱাহাটীৰ চান্দমাৰীস্থিত আৰ্টিষ্ট গ্ৰীল্ডত শনিবাৰৰ পৰা আৰম্ভ হৈছে প্ৰহৰৰ সপ্তম বাৰ্ষিক চিত্ৰ প্ৰদৰ্শনী। শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই চিত্ৰ প্ৰদৰ্শনীৰ আজি উদ্বোধন কৰে অসমৰ খ্যাতনামা লেখিকা অনুৰাধা শৰ্মা পুজাৰীয়ে। এই চিত্ৰ প্ৰদৰ্শনীত দেশৰ বিভিন্ন প্ৰান্তৰ তিনিশৰো অধিক ফটোগ্ৰাফাৰে অংশগ্ৰহণ কৰা বুলি জানিবলৈ দি প্ৰহৰৰ সভাপতি অৰ্পণ কলিতাই কয় যে এই প্ৰদৰ্শনীত এহেজাৰৰো অধিক চিত্ৰ প্ৰদৰ্শন কৰা হৈছে।

সভাপতি অৰ্পন কলিতাই কয় যে প্ৰতি বছৰৰ দৰে এইবাৰো ফটোগ্ৰাফি ক্লাব অব আসাম (পিচিএ) চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এইবছৰ প্ৰহৰৰ এয়া সপ্তম চিত্ৰ প্ৰদৰ্শনী। ইফালে প্ৰদৰ্শনীখন উদ্বোধন কৰি খ্যাতনামা লেখিকা অনুৰাধা শৰ্মা পুজাৰীয়ে প্ৰহৰৰ এই পদক্ষেপৰ বাবে ধন্যবাদ প্ৰদান কৰে। তেখেতে কয় যে ফটো শিল্পীৰ মনৰ কথাসমূহ চিত্ৰত প্ৰদৰ্শিত হয়। বন্দুকৰ স্থান এতিয়া কেমেৰাই লৈছে। যিটো কলমতকৈও অতি শক্তিশালী অস্ত্ৰ হৈ পৰিছে। ইয়াৰ উদাহৰণ হৈছে ফটো সাংবাদিকসকল। যিয়ে কোনো ঘটনা ভাষাৰে নহয় তেঁওৰ চিত্ৰৰেই বুজাই দিয়ে।

অনুৰাধা শৰ্মা পূজাৰীয়ে আৰু কয় যে ফটোগ্ৰাফাৰৰ সংখ্যা যিমানেই বেচি হব সিমানেই দেশ তথা ৰাষ্ট্ৰ উন্নতিৰ দিশে আগবাঢ়ি যাব৷ লেখিকা অনুৰাধা শৰ্মা পুজাৰীয়ে আৰু কয় যে পূৰ্বে কোনো ঘটনা ঘটাৰ বহুদিন পিছতহে সেয়া জনা গৈছিল, কিন্তু এতিয়া সলনি হৈছে আৰু সংশ্লিষ্ট ঘটনাৰ বিষয়ে লগে লগে জানিব পৰা যায়।

ইফালে অনুষ্ঠানত উপস্থিত থকা ফটোগ্ৰাফী ক্লাব অফ আসামৰ চেয়াৰমেন বিদ্যসাগৰ বয়া তথা সভাপতি দেবাশীষ গগৈয়ে জানিবলৈ দিয়ে যে তেঁওলোকৰ এই ক্লাৱটি ২০১২ চনত ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিল৷ তেতিয়াৰে পৰা এই যাত্ৰা অব্যাহত আছে। কাশ্মীৰৰ পৰা কন্যাকুমাৰী, ৰাজস্থানৰ মৰুভূমিৰ পৰা সূৰ্য উঠাৰ দেশ অৰুণাচল প্ৰদেশ পৰ্যন্ত এই ক্লাৱৰ এক লাখৰো অধিক সদস্য আছে। সেই অনুসৰি ছচিয়েল মিডিয়াত থকা পিচিএৰ ফেচবুক একাউন্টত দৈনিক হাজাৰ হাজাৰ ফটো পোষ্ট কৰি থকা হৈছে। তাৰ ভিত্তিতে দৈনিক এজন শ্ৰেষ্ঠ ফটোগ্ৰাফাৰক‘ফটো অব দ্যা ডে’ হিচাবে নিৰ্বাচিত কৰা হয়৷ ইয়াৰ উপৰি বিশিষ্ট চৰ্চা লাভ কৰা ছবিক ‘পিকচাৰ অব দ্যা মান্থ’ হিচাপে নিৰ্বাচিত কৰা হয়।

ইয়াৰ উপৰি প্ৰতি মাহতে চহৰৰ বিভিন্ন স্থানত ফটো প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে বিজয়ী প্ৰতিযোগীক বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয়। জনসাধাৰণৰ মাজত ফটো বিল্পৱ গঢ়ি তোলাতোৱেই পিচিএৰ অন্যতম লক্ষ্য বুলি উল্লেখ কৰি নেতৃবন্দই কয় যে পিচিএৰ সদস্যসকলে পেচাদাৰীভাৱে প্ৰতিটো খণ্ডতেই প্ৰশিক্ষণাৰ্থী অপেচাদাৰীসকল তথা ফটোগ্ৰাফীৰ উন্নয়নৰ অৰ্থে কাম কৰি গৈছে। ফটোগ্ৰাফি ক্লাব অব আসাম ফটোগ্ৰাফিক চোছাইটি অফ আমেৰিকা তথা ফেডাৰেশন অফ ইণ্ডিয়ান ফটোগ্ৰাফীৰ দ্বাৰা অনুমোদিত৷