গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুলাই : উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ প্লেন ‘বি’য়ে ৰক্ষা কৰিবলৈ সক্ষম হৈছে বনৰীয়া হাতীৰ প্ৰাণ।

প্লেন ‘বি’ৰ দ্বাৰা উত্তৰ পূব সীমান্ত ৰেল বিভাগে ২০১৭-১৮ বৰ্ষত ১০১৪টা বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষা কৰি পুৰস্কৃত হৈছে। প্লেন ‘বি’ উদ্ভাৱন কৰি উত্তৰ পূব সীমান্ত ৰেল বিভাগে প্ৰথম স্থান দখল কৰি ৰেল বিভাগৰ পৰা তিনি লাখ টকাৰ পুৰস্কাৰ লাভ কৰিছে।

উল্লেখযোগ্য যে বিভিন্ন সময়ত বনাঞ্চলক চুই যোৱা ৰেলপথ সমূত ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই ৰেল বিভাগক চিন্তিত কৰি ৰাখিছিল আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ উত্তৰ পূব সীমান্ত ৰেল বিভাগে ২০১৬-১৭ চনত উদ্ভাৱন কৰিছিল প্লেন ‘বি’। উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ এই প্লেন ‘বি’য়ে এহেজাৰতকৈও অধিক হাতীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱাত উত্তৰ পূব সীমান্ত ৰেল বিভাগ সমগ্ৰ দেশতে নতুন উদ্ভাৱন ক্ষেত্ৰত প্ৰথম স্থান দখল কৰি পুৰস্কৃত হৈছে।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহোঁতে বিভিন্ন সময়ত ৰেল লাইন পাৰ কৰিবলৈ লওঁতে ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰিয়েই হাতীক ৰক্ষা কৰিবলৈ উত্তৰ পূৱ ৰেলৱেই এই ব্যৱস্থা গ্ৰহণ কৰিছে । এই প্লেন‘বি’ হৈছে উত্তৰ পূব সীমান্ত ৰেল বিভাগৰ এক নতুন উদ্ভাৱন । প্লেন ‘বি’ অৰ্থাৎ মৌ-মাখিৰ গুঞ্জনৰ শব্দ ব্যৱহাৰ কৰি ৰেল বিভাগে সফলতা লাভ কৰিছে বনৰীয়া হাতীক ৰেল লাইনৰ পৰা আঁতৰাবলৈ।

এই প্লেন‘বি’হৈছে এনে এক পদ্ধতি যাৰ মাধ্যমেৰে মাত্ৰ ৩০ ছেকেণ্ডৰ ভিতৰত ৰেলপথৰ পৰা বনৰীয়া হাতীৰ জাকক আঁতৰাবলৈ সক্ষম হৈছে ৰেল বিভাগ। ২০১৩ চনৰ পৰা ২০১৯ চনলৈ ৰেলৰ খুন্দাত ৬৭টা বনৰীয়া হাতীৰ মৃত্যু হৈছে যদিও উত্তৰ পূব সীমান্তৰ ৰেল বিভাগৰ প্লেন ‘বি’য়ে ২০১৭-২০১৮ বৰ্ষত ৰেলৰ খুন্দাৰ পৰা ১০১৪টা হাতীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱাটো নিশ্চিতকৈ এক সুখবৰ।

প্ৰথম অৱস্থাত তিনি ঠাইত এই ব্যৱস্থা পৰীক্ষামূলক ভাবে ব্যৱহাৰ কৰিছিল যদিও বৰ্তমান ৪৬টাকৈ অঞ্চলত উত্তৰ পূব সীমান্ত ৰেল বিভাগে এই ব্যৱস্থাৰ প্ৰয়োগ কৰিছে। এই ব্যবস্থাৰ প্ৰয়োগেৰে ৰেল বিভাগে সফলতাৰে ৰেলৰ খুন্দাৰ পৰা বনৰীয়া হাতীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে।