নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ অক্টোবৰ : প্লাষ্টিকৰ পৰা হোৱা এনেসমূহ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছতা অভিযানৰ লগতে ২ অক্টোবৰৰ পৰা চিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল।

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছতে হাৰিয়ানা চৰকাৰে এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এই ক্ষেত্ৰত হাৰিয়ানা উচ্চ ন্যায়ালয়েও দিছে কঠোৰ নিৰ্দেশনা।

হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক ব্যৱহাৰকাৰীৰ ওপৰত এক লাখ টকা জৰিমনাৰ লগতে প্লাষ্টিক ব্যৱহাৰ কৰি থকা অৱস্থাত ধৰা পৰিলে পাঁচ বছৰৰ জেল।