নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ নৱেম্বৰ : বুধবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হয় পবিতৰা আৰু বুঢ়াপাহাৰ বনাঞ্চল।

পবিতৰা অভয়াৰণ্যত দৰ্শনাৰ্থীৰ বাবে থাকিব ২০ খন জীপ আৰু ১০ টা হাতী। দৰ্শনাৰ্থীৰ বাবে অনলাইন টিকটৰো ব্যৱস্থা কৰা হৈছে। পিয়ুজ হাজৰিকাৰ লগতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰে পবিতৰা অভয়াৰণ্য।

ইফালে একেদিনাই পৰ্যটকৰ বাবে মুকলি কৰে বুঢ়াপাহাৰ বনাঞ্চল । কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ আৰু কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে মুকলি কৰে বনাঞ্চলখন ।

ইয়াৰোপৰি একেদিনাই বিশ্ব প্ৰকৃতিনিধি আৰু ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ উদ্যোগত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিয়ে নতুনডাংগা নামৰ গাঁৱত আৰম্ভ কৰা কাৰ্বি জনগোষ্ঠীৰ পাৰম্পৰিক খাদ্য সম্ভাৰ কেন্দ্ৰও পৰ্যটকৰ বাবে মুকলি কৰা হয়।