পলাশবাৰী, সংবাদ ৩৬৫, ১৪জুন : একাংশ আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগৰ বাবে সঘনাই বদনাম হৈ থাকে আৰক্ষী বিভাগতো । কিন্তু আৰক্ষীৰ খাকী পোছাকৰ মাজতো যে আছে আন এটা ৰূপ তাৰ প্ৰতিফলত ঘটিল পলাশবাৰী আৰক্ষী থানাত । পলাশবাৰী আৰক্ষী থানাৰ উদ্যোগত আজি অনুস্থিত হয় এক সম্বৰ্ধনা অনুস্থান ।

২০১৮-১৯ বৰ্ষৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীলৈ সম্বৰ্ধনা অনুষ্ঠান অনুস্থিত কৰা হয় । ছাত্ৰ-ছাত্ৰী সকলোক প্ৰেৰণা আৰু উৎসাহ জনোৱাৰ উদ্দেশ্যে অনুস্থিত হয় এই সম্বৰ্ধনা অনুস্থানটি ।

এই সম্বৰ্ধনা অনুস্থানত উপস্থিত থাকে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত,উপ-আৰক্ষী অধীক্ষক কল্যান পাথক,বিশিষ্ট সমাজকৰ্মী অনিল দাসৰ লগতে বহুতো বিশিষ্ট ব্যক্তি । ভৱিষ্যতে দেশৰ এগৰাকী সত নাগৰিক হ’বলৈ ছাত্ৰ-ছাত্ৰী সকলোকে পাৰ্থ সাৰথি মহন্তই নিজৰ বক্তৃতাৰে আহ্বান জনাই ।