গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুন : ৰাজনৈতিক নেতা হ’বলৈ ইচ্ছা কৰা ব্যক্তিসকলৰ বাবে সুখবৰ কিয়নো ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে এটি নতুন বিষয় অন্তৰ্ভুক্ত কৰা হৈছে । স্নাতকোত্তৰ পাঠ্যক্ৰমত এনে এক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে য’ৰ পৰা ভাৰতবৰ্ষৰ নৱপ্ৰজন্মৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্রীকে তৈয়াৰ কৰিব পাৰি এজন দক্ষ প্ৰতিনিধি হিচাপে। পাঠ্যক্ৰমত অন্তৰ্ভুক্ত বিষয়সমূহ হৈছে লিডাৰশ্বিপ চায়েন্স, পলিটিক্স আৰু গৱৰমেন্স। এই পাঠ্যক্ৰমৰ বিষয় বাছনি কৰিছিল ৰাম্ভূ মহলগী প্ৰবোধিনী, মুম্বাই চমুকৈ আৰ এম পি ।

এই আৰ এম পি হৈছে প্ৰশিক্ষণ আৰু গৱেষণামূলক শিক্ষানুষ্ঠান যি কাম কৰে মানৱ প্ৰতিনিধি, ৰাজনৈতিক দলৰ কৰ্মচাৰী তথা সামাজিক কাৰ্যৰ স্বেচ্ছাসেৱকসকলৰ প্ৰশিক্ষণৰ বাবে । আৰ এম পিৰ মতে স্নাতকোত্তৰ মহলটো হৈছে এনে এক গুৰুত্বপূৰ্ণ মহলা যিয়ে ভাৰতৰ যুৱ প্ৰজন্ম আৰু ভাৰতীয় ৰাজনীতি আৰু চৰকাৰৰ মাজত এখন দলং তথা সাঁকোৰ দৰে কাম কৰি আহিছে ।

এই পাঠ্যক্ৰমটো হৈছে ন মহীয়া এটা পাঠ্যক্ৰম । ৩০ খন আসনেৰে সীমাবদ্ধ এই পাঠ্যক্ৰম আৰম্ভ হব ১ আগষ্টৰ পৰা ।

উল্লেখযোগ্য যে ১৯৮২ চনতে প্ৰতিষ্ঠা লাভ কৰা আৰ এম পি এক ব্যতিক্ৰমী শিক্ষানুষ্ঠান যি সদায় ৰাজনৈতিক কৰ্ম আৰু অন্যান্য গৱেষণামূলক কামৰ বাবে প্ৰশিক্ষণ দি আহিছে ।