সুৰেণ বুঢ়াগোঁ‌হাই

চৰাইদেউ

৯ জুলাই

পৰিবৰ্তনৰ শ্লোগানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকাল সমাপ্তৰ পথত। ২০২১ বর্ষত পুনৰ নিৰ্বাচনৰ বাবে প্ৰস্তুত হ’বলৈ হ’ল। চৰকাৰখনে ৫ বছৰীয়া কাৰ্যকালত ৰাজ্যখনত কিমান উন্নয়ন কৰিলে, ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বাট-পথ সমূহৰ অৱস্থা দেখিলেই বুজিব পাৰি।

চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ সাপেখাতী উন্নয়ন খণ্ডৰ বৰহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ধোদৰ আলিৰ পৰা বৰপাত্ৰ চাহ বাগিচা সংযোগী প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক কনছেং বৰপাত্ৰ গোহাঁই পথটো অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ চূড়ান্ত গাফিলতিত দিনে দিনে শোচনীয় অৱস্থালৈ পতিত হোৱা পৰিলক্ষিত হৈছে। মেৰামতিৰ অভাৱত পথটোত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যাতায়তৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভুগিব লগা হৈছে।বিশেষকৈ বিদ্যালয়, মহাবিদ্যালয়, দোকান-বজাৰ, চিকিৎসালয়, বিত্তীয় প্ৰতিষ্ঠান বেংক আদিলৈ এই পথেৰে যাতায়ত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে ৰাইজ। পথটোৰ এই শোচনীয় অৱস্থাৰ ফলত বিভিন্ন সময়ত পথটোত দুৰ্ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হৈছে।

এই ঐতিহাসিক পথটো মেৰামতিৰ নকৰাৰ বাবে “চুম হুম লিক্ লাই লে ফিঙ্ ঙে ত্তাঈ”কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰুস্তম গগৈ তথা বৰহাট আঞ্চলিক সমিতিৰ সম্পাদক সুৰেণ বুঢ়াগোহাঁইয়ে অসম চৰকাৰৰ গড়কাপ্তানী বিভাগক তীব্র গৰিহণা দিয়াৰ লগতে অহা ২০২১ বৰ্ষৰ ভিতৰত ঐতিহাসিক কনছেং বৰপাত্ৰ গোহাঁই পথটো পকীকৰণ কৰিবলৈ দাবী জনাইছে।