গোৱালপাৰা, ২২ ছেপ্টেম্বৰঃ গোৱালপাৰাৰ পৌৰসভা চাফাই কৰ্মচাৰীয়ে প্ৰাপ্য দৰ্মহা আদায়ৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰাপ্য তথ্য অনুসৰি, গোৱালপাৰাৰ পৌৰ কৰ্মচাৰীয়ে বিগত আঠ মাহ ধৰি মাহিলি দৰ্মহা লাভৰ পৰা বঞ্চিত হৈ আছে৷ কৰ্মচাৰীসকলে দুৰ্গা পূজাৰ পূৰ্বে প্ৰাপ্য দৰ্মহা আদায়ৰ দাবীত যোৱা ৮ ছেপ্টেম্বৰৰ পৰা কৰ্মবিৰতি পালন কৰিছিল৷ পৌৰ কৰ্মচাৰীৰ এই প্ৰতিবাদৰ ফলত জিলাখনত আৱৰ্জনাই কন্দৰ্যময় আৰু দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি কৰিছে৷ উপায়ন্ত হৈ জিলা প্ৰশাসনে দুদিন পূৰ্বে অন্য চাফাই কৰ্মীক চাফাই কামত নিয়োজিত কৰাত পৌৰ কৰ্মীসকলৰ লগত প্ৰশাসনৰ লগত সংঘাটৰ সৃষ্টি হয় আৰু পৌৰ কৰ্মচাৰীয়ে দুৰ্গা পূজাৰ পূৰ্বে প্ৰাপ্য দৰ্মহা আদায় নিদিলে আত্মজাহ যোৱাৰ ভাবুকি দিয়ে৷ কিন্তু প্ৰশাসন তথা চৰকাৰে বৰ্তমানলৈ চাফাই কৰ্মচাৰীসকলৰ দৰ্মহা দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি ক্ষুন্ন পৌৰ কৰ্মচাৰীয়ে পুনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি জিলা প্ৰশাসনক শীঘ্ৰে প্ৰাপ্য দৰ্মহা আদায়ৰ ব্যৱস্থা নকৰিলে আত্মজাহ যোৱাৰ ভাবুকি দিয়ে৷