গুৱাহাটী,সংবাদ৩৬৫,৮মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিত এখন নতুন মুখ।প্ৰবজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিব হাজৰিকা। গুৱাহাটী প্ৰেছ ক্লাৱত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে উপমন্যু হাজৰিকাই।

সংবাদমেলত উপমন্যু হাজৰিকাই কয় যে খিলঞ্জীয়া লোকৰ তিনিটা দাবী পূৰণৰ বাবে চৰকাৰক এসপ্তাহ সময়সীমা বান্ধি দিয়া হৈছিল। যোৱা ২ মাৰ্চত সময়সীমা উকলি গ’ল। দুৰ্ভাগ্যবশত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এই দাবীসমূহৰ প্ৰতি কোনোধৰণৰ ইতিবাচক সঁহাৰি নজনালে।

তেওঁলোকৰ দাবী তিনিটা হৈছে ক্ৰমে
১/ ১৯৫১ চনৰ ভিত্তিত অসমত বসবাস কৰা ভাৰতীয়ৰ কাৰণে ভূমি, চৰকাৰী চাকৰি, সা সুবিধা আৰু বাণিজ্যৰ অনুজ্ঞা পত্ৰৰ সংৰক্ষণ।
২/ এন আৰ চি পুনৰীক্ষণ।
৩/ কোনো ধৰণৰ বিদেশী বেজাৰ পৰা মুক্ত অসম।

অসম আৰু খিলঞ্জীয়াৰ স্বাৰ্থৰ প্ৰতি বৰ্তমানৰ চৰকাৰৰ কোনো সদিচ্ছা নাই বৰং এইখন চৰকাৰে নিজৰ ৰাজনৈতিক মুনাফাৰ অংকতহে ব্যস্ত। এনেদৰেও মন্তব্য কৰে প্ৰব্ৰজন বিৰোধী মঞ্চই।

ইফালে নিৰ্দলীয় ভাবে নিৰ্বাচন খেলিলেও প্ৰব্ৰজন বিৰোধী মঞ্চই প্ৰাৰ্থীত্বৰ প্ৰতি সমৰ্থন আছে।

আনহাতে, সংবাদমেলত খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থৰ হকে যোৱা ৬ বছৰে মাত মাতি আহিছে বুলি দাবী প্ৰব্ৰজন বিৰোধী মঞ্চৰ।