গুৱাহাটী, সংবাদ ৩৬৫, ২২ নৱেম্বৰ : শুকুৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গুৱাহাটী মহানগৰীত এখন সংবাদমেল অনুষ্ঠিত কৰে।
সংবাদমেলত কেবৰ সন্দৰ্ভত কয় যে ই সম্পূৰ্ণ অসাংবিধানিক, চূড়ান্ত সাম্প্ৰদায়িক চৰিত্ৰৰ তথা অসম আৰু উত্তৰ পূব ভাৰতৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকিপূৰ্ণ।
বিজেপি চৰকাৰে চলোৱা এই অসমীয়া জাতিবিৰোধী ষড়যন্ত্ৰত অতি দুৰ্ভাগ্যজনকভাৱে আত্মসমৰ্পণ কৰিছে একাংশ আঞ্চলিকতাবাদী দলৰ নেতৃত্বই। চৰকাৰৰ এই জাতিবিৰোধী ষড়যন্ত্ৰ দেখিও চালে বেৰে কথা কোৱা আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ নেতৃত্বই অসমীয়া ভাষা-কৃষ্টি-সংস্কৃতি ধ্বংস কৰিবলৈ ওলোৱা এই চক্ৰান্তৰ পক্ষত থিয় হোৱাটো জাতিৰ বাবে লজ্জাজনক। সংবাদমেলত এনেদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এইবুলিও কয় যে অসম চুক্তি ৰূপায়ণ কৰাৰ বিপৰীতে বিজেপিয়ে পিছ দুৱাৰেদি বিদেশী আনিব বিচাৰিছে।
ইফালে বৃহস্পতিবাৰে অগপই নতুনকৈ জন্ম দিয়া ছাত্ৰ সংগঠনটোৰ সন্দৰ্ভত কয় কংগ্ৰেছৰ এন এছ ইউ আই, চি পি আই আদিৰো আছে কিন্তু তেওঁলোকৰ কোনো উন্নতি হোৱা নাই।
নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধিতা কৰি কেইবাবাৰো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে একত্ৰিত হোৱাৰ কথাও সংবাদমেলত উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।
ইয়াৰোপৰি এন আৰ এল ব্যক্তিগতকৰণৰ সন্দৰ্ভতো কঠোৰ ভাষাৰে সমালোচনা কৰি শোধনাগাৰটো ব্যক্তিগত মালিকৰ হাতত তুলি দি অসম চুক্তিক পদাঘাত কৰাৰ সাহ নেদেখুৱাবলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰক সতৰ্ক কৰি দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই।