সৰ্থেবাৰী, ২৮ মে’, ২০২৪ : প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ সমূহ শিক্ষাৰ্থীক (Students) অনুপ্ৰেৰণামূলক সম্বৰ্ধনা জনাবলৈ ২৭ মে’ত সৰ্থেবাৰীত এক অনুষ্ঠানৰ আয়োজন কৰে৷ সৰ্থেবাৰীস্থিত সৰুক্ষেত্ৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত আয়োজিত এই অনুষ্ঠানত সৰ্থেবাৰীৰ অন্তৰ্গত কেইবাখনো বিদ্যালয় তথা মহাবিদ্যালয়ৰ প্ৰায় ৯০ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়৷

উক্ত অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ সোমনাথ তালুকদাৰ; মনোৰঞ্জন বৰুৱা, অধ্যক্ষ, সৰুক্ষেত্ৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুল; বিশিষ্ট সাংবাদিক হৰমোহন বৰ্মন; প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক যোগেশ কাকতি প্ৰমূখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

আটাইকেইগৰাকী ব্যক্তিয়ে উপস্থিত সমূহ শিক্ষাৰ্থীক শুভেচ্ছা প্ৰদানেৰে শিক্ষাৰ্থীৰ সৰ্বাংগীণ বিকাশ, সমাজৰ প্ৰতি দায়িত্ব তথা জীৱনবোধ সম্পৰ্কে বক্তব্য প্ৰদান কৰে৷ এই অনুষ্ঠানত সৰ্থেবাৰীস্থিত কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ সংগঠনৰ সদস্যবৃন্দৰ লগতে অভিভাৱকসকল উপস্থিত থাকে৷