নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ নৱেম্বৰ : চলিত বছৰত পিয়াঁজৰ উৎপাদন প্ৰায় আধা কমি গৈছে। ভাৰতৰ বজাৰত পিয়াঁজৰ চাহিদা অনুসৰি যিমান যোগান আহিব লাগিছিল তাৰ পৰিৱৰ্তে খুৱেই কম যোগান আহিছে । যাৰ বাবে পিয়াঁজৰ মূল্য বৃদ্ধি হৈছে ।

বুধবাৰে জনতা ভৱনত যোগান বিভাগ আৰু ছেম্বাৰ্চ অৱ কমাৰ্চৰ মাজত পিয়াঁজৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয় । ছেম্বাৰ্চ অৱ কমাৰ্চৰ প্ৰতিনিধিয়ে বৈঠকত ব্যক্ত কৰা অনুসৰি মূল উৎসত পিয়াঁজৰ উৎপাদন হ্ৰাস পোৱাৰ বাবেই বৃদ্ধি পাইছে পিয়াঁজৰ দাম।

একসপ্তাহতকৈও অধিক দিনলৈ হয়তো ৬৬ টকাত পিয়াঁজ ক্ৰয় কৰিব লাগিব গ্ৰাহকে। ইফালে মছুৰ দাইলৰ মূল্যও ৬০ ৰ পৰা ৬৫ টকালৈ বৃদ্ধি পাইছে।

ফাঁচী বজাৰতো খুচুৰা ব্যৱসায়ীসকলে তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী পিয়াঁজৰ মূল্য গ্ৰাহকৰ পৰা লোৱা বুলি এক অভিযোগ উঠিছে ।