গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : প্ৰতিদিনেই বাঢ়ি আছে পেট্ৰল আৰু ডিজেলৰ মূল্য । শাক-পাচলিৰ পাছতে পেট্ৰল আৰু ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত সমস্যাত পৰিছে প্ৰায়ভাগ মানুহ ।

চৌদি আৰামক’ৰ ওপৰত হোৱা আক্ৰমণৰ পিছত আজি একেৰাহে সপ্তমদিনাও দেশজুৰি পেট্ৰ’ল–ডিজেলৰ মূল্য বাঢ়িছে।

প্ৰতিদিনে প্ৰতিলিটাৰত ২০/৩০ পইছাকৈ বাঢ়িছে পেট্ৰল আৰু ডিজেলৰ মূল্য। গুৱাহাটীতো সোমবাৰে প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৭৬.১১টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭০.৫২টকা হয়গৈ। ইয়াৰ বিপৰীতে দেওবাৰে পেট্ৰলৰ মূল্য আছিল ৭৫.৮১ টকা আৰু ডিজেলৰ মূল্য আছিল ৬৯.৮৯ টকা।

ইফালে এই মূল্যবৃদ্ধিৰ পাছত গাড়ীৰ ব্যৱসায়ীসকল বিপাঙত পৰিছে । গাড়ীৰ পৰা পোৱা ভাড়াৰে কোনোফালেই মিলাব নোৱাৰা হৈছে তেওঁলোক। যাৰ ফলত লাভতকৈ লোকচান বেছি হৈছে ।