নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ, ২০২৫ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) ১৩ ছেপ্টেম্বৰ তাৰিখে মিজোৰামৰ ৰাজধানী আইজললৈ যাত্ৰা কৰিব, য’ত তেওঁ ৯০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক প্ৰকল্পৰ উদ্বোধন/উৎসৰ্গা/আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভৈৰৱী-ছাইৰাং নতুন ৰে’ল পথ, ৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আইজলৰ পশ্চিম দিশৰ বাইপাছ ৰোড, থেনজল-শিয়ালচুক ৰোড, খানকাওন-ৰংগুৰা ৰোড, মুৱালখাঙত আইঅ’চিএলৰ এক ৩০ টিএমটিপিএ এলপিজি প্লাণ্ট আৰু অন্যান্য বিভিন্ন উন্নয়নমূলক প্ৰকল্প। এই প্ৰকল্পসমূহে লুংলেই, শিয়াহা, লংটলাই, লেংপুই বিমানবন্দৰ আৰু ছাইৰাং ৰে’ল ষ্টেচন আদিৰ সৈতে সংযোগ উন্নত কৰিব।

পৰিণামস্বৰূপে দক্ষিণৰ জিলাসমূহৰ পৰা আইজললৈ ভ্ৰমণৰ সময় উল্লেখযোগ্যভাৱে হ্ৰাস হ’ব, যাৰ ফলত তাৎপৰ্যপূৰ্ণভাৱে অঞ্চলটোৰ জনসাধাৰণৰ বাবে বিস্তৃত সুবিধা উপলব্ধ হ’ব। প্ৰধানমন্ত্ৰীয়ে লংটলাই-শিয়াহা ৰোডৰ চিমটুইপুই নদী সেতুৰ আধাৰশিলা স্থাপন কৰিব, যিখন সেঁতুয়ে সকলো বতৰতে সংযোগ প্ৰদান কৰিব আৰু ভ্ৰমণ সময় হ্ৰাস কৰিব। এই সেতুখনে কালাদান মাল্টিমোডেল ট্ৰানজিট ফ্ৰেমৱৰ্কৰ অধীনত উভয় সীমান্তৰ বাণিজ্যকো সুবিধা প্ৰদান কৰিব। তদুপৰি, তেওঁ খেলো ইণ্ডিয়া বহুমুখী ইনড’ৰ হলৰ আধাৰশিলা স্থাপন কৰিব, যি ক্ৰীড়া উন্নয়নৰ প্ৰসাৰৰ বাবে সহায়ক হ’ব।

প্ৰধানমন্ত্ৰীয়ে নৱনিৰ্মিত ভৈৰৱী-ছাইৰাং ৰে’লপথটো ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব। এই প্ৰকল্পৰ ৰূপায়ন হৈছে ভাৰত চৰকাৰৰ “এক্ট ইষ্ট নীতি”ৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা। এই কাৰ্যসূচীতেই দীৰ্ঘ দূৰত্বৰ তিনিখন উল্লেখনীয় ৰে’ল সেৱাৰ শুভাৰম্ভ কৰা হ’ব। সেইসমূহ হৈছে আইজল (ছাইৰাং) আৰু দিল্লী (আনন্দ বিহাৰ টাৰ্মিনেল)ৰ মাজৰ ৰাজধানী এক্সপ্ৰেছ, আইজল (ছাইৰাং)ৰ সৈতে গুৱাহাটী সংযোগকাৰী এখন এক্সপ্ৰেছ ৰে’ল আৰু আইজল (ছাইৰাং)ৰ সৈতে কলকাতা সংযোগকাৰী আন এখন এক্সপ্ৰেছ ৰে’ল। ৫১.৩৮ কিলোমিটাৰ দীঘল এই ব্ৰড-গজ ভৈৰৱী-ছাইৰাং ৰে’ল পথটো প্ৰায় ৮০৭০ কোটি টকাৰ অনুমানিক ব্যয়ৰে নিৰ্মাণ কৰা হৈছে। প্ৰত্যাহ্বানমূলক ভূখণ্ডত নিৰ্মিত এই ৰে’লপথটোত ৪৫ টা সুৰংগ, ৫৫ খন বৃহৎ সেতু, ৮৮ টা সৰু সেতু আৰু ১০ খন আৰঅ’বি/আৰইউবি নিৰ্মাণ অন্তৰ্ভুক্ত হৈছে।

নৱনিৰ্মিত ৰে’লপথ প্ৰায় ৫৪ শতাংশ অংশ কেৱল সুৰংগ আৰু সেতুৰ মাজেৰে পাৰ হৈছে। ইয়াৰ ভিতৰত সেতু নং ১৪৪ হৈছে এক উল্লেখযোগ্য অভিযান্ত্ৰিক সাফল্য। ১১৪ মিটাৰ উচ্চতাৰ খুঁটাৰে নিৰ্মিত এই সেতুখন কুতুব মিনাৰতকৈ ৪২ মিটাৰ ওখ। এই প্ৰকল্পত হৰতকী, কাৱানপুই, মুৱালখাং আৰু ছাইৰাং এই চাৰিটা নতুন ষ্টেচন সংযোজন কৰা হৈছে, যিয়ে আইজল আৰু কোলাছিব জিলাৰ জনসাধাৰণক সংযোগ কৰিছে। নতুন ৰে’লপথটোৱে অসম-মিজোৰাম সীমান্তত অৱস্থিত ভৈৰৱীৰ পৰা আইজলৰ সমীপৰ ছাইৰাঙলৈ ৰেল সংযোগ সম্প্ৰসাৰিত কৰিছে, যাৰ ফলত ৰাজ্যখনৰ ৰাজধানী পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈছে। এই সফলতাৰ পৰিণামস্বৰূপে গুৱাহাটী, আগৰতলা আৰু ইটানগৰৰ পিছত আইজল উত্তৰ-পূৰ্বাঞ্চলৰ চতুৰ্থ ৰাজধানী চহৰ হিচাপে ৰে’লৰ সৈতে সংযুক্ত হৈছে। এই উন্নয়নে অঞ্চলটোত পৰিবহন আৰু সামগ্ৰী সৰবৰাহৰ দিশত পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে, যাতে যাত্ৰী আৰু সামগ্ৰীৰ চলাচল দ্ৰুত, নিৰাপদ আৰু অধিক নিৰ্ভৰযোগ্য হয়।

ভৈৰৱী-ছাইৰাং প্ৰকল্পই ভাৰত চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে উন্নত সংযোগ আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নৰ দৃষ্টিভংগীৰ অধীনত এক ৰূপান্তৰশীল পদক্ষেপৰেই প্ৰতিনিধিত্ব কৰে। ই সামগ্ৰী সৰবৰাহৰ ব্যয় হ্ৰাস কৰিব, কৃষক আৰু উদ্যোগীসকলৰ বাবে বজাৰৰ সুবিধা উন্নত কৰিব আৰু শিক্ষা, চিকিৎসাক্ষেত্ৰ, বাণিজ্য, পৰ্যটন আৰু উদ্যোগৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰি আৰ্থিক বৃদ্ধিৰ সুবিধা প্ৰদান কৰিব। নতুন ৰে’লপথটো উদ্বোধন আৰু দিল্লী, গুৱাহাটী আৰু কলকাতালৈ প্ৰত্যক্ষ ৰেলৰ আৰম্ভণিয়ে মিজোৰামক দেশৰ বাকী অংশৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংযুক্ত কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ, যাৰ ফলত অঞ্চলটোৰ সমৃদ্ধিৰ দিশত দ্ৰুত অগ্ৰগতি আহি পৰিব।