গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী, ২০২৬ : দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে অসমলৈ আহিব স্ক্ৰিণিং কমিটিৰ অধ্যক্ষ তথা ৱায়নাড লোকসভা সমষ্টিৰ সাংসদ প্ৰিয়ংকা গান্ধী (Priyanka Gandhi)। অসমত উপস্থিত হৈয়েই প্ৰিয়ংকা গান্ধীয়ে পুৱাৰ ভাগত মা কামাখ্যা মন্দিৰত সেৱা জনাই আশীৰ্বাদ ল’ব আৰু ৰাজীৱ ভৱনলৈ আহি দিনৰ ১১ বজাৰ পৰা নিশা ১২ বজা পৰ্যন্ত স্ক্ৰিণিং বিষয়ক কাম-কাজত ব্যস্ত হৈ পৰিব। বুধবাৰে এক সংবাদমেলত এই কথা সদৰী কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে।
”কাইলৈ গোটেই দিনটো প্ৰিয়ংকা গান্ধী আৰু স্ক্ৰিণিং কমিটিৰ আন সদস্যসকলে ব্লক কংগ্ৰেছ, কংগ্ৰেছৰ বিভিন্ন ভাতৃ-ভগ্নী সংগঠন আৰু কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হ’ব। প্ৰথমবাৰৰ বাবে অসমত এইধৰণে প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে স্ক্ৰিণিঙৰ ব্যৱস্থা কৰা হৈছে।’’ এইদৰে কয় জিতেন্দ্ৰ সিঙে। তেওঁ আৰু কয় যে স্ক্ৰিণিং কমিটিৰ অধ্যক্ষ হিচাপে নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত একাধিকবাৰ প্ৰিয়ংকা গান্ধী অসমলৈ আহি থাকিব আৰু অসমবাসীৰ মনৰ বুজ ল’বলৈ চেষ্টা অব্যাহত ৰাখিব। সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে স্ক্ৰিণিং যিমান সোনকালে পাৰি সিমান সোনকালে শেষ কৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰয়াস চলোৱা হ’ব।
”আমি বিভিন্ন সময়ত কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰিছো। তেওঁলোকে আমাক পৰামৰ্শ দিছে যে কংগ্ৰেছ দলৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা এই মাহৰ শেষৰফালে প্ৰকাশিত হ’ব লাগে। ৰাজ্যিক স্তৰৰ কামখিনি শেষ হ’লেই আমি যেতিয়াই বিচাৰো তেতিয়াই আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰাৰ্থী তালিকা সন্দৰ্ভত আলোচনা কৰি সেয়া চূড়ান্ত কৰিবলৈ সাজু হৈ আছে।’’ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে প্ৰকাশ পোৱাৰ সম্ভাৱনা ব্যক্ত কৰি এইদৰে কয় গৌৰৱ গগৈয়ে। নিৰ্বাচনী প্ৰস্তুতিৰ ক্ষেত্ৰত কংগ্ৰেছ দল যথেষ্ট আগবাঢ়ি আছে বুলিও গগৈয়ে মন্তব্য কৰে। সমভাৱাপন্ন বিৰোধী দলসমূহৰ সৈতে মিত্ৰতা হ’বই বুলি স্পষ্ট কৰি দি গগৈয়ে কয় যে কংগ্ৰেছ দলৰ সৈতে যিসমূহ দলে মিত্ৰতা কৰে সেই দলসমূহ শক্তিশালী হয়। বিপৰীতে বিজেপিৰে মিত্ৰতা কৰা দলসমূহ নিঃশেষ হৈ যোৱাৰ উপক্ৰম ঘটে। উদাহৰণ হিচাপে তেওঁ অসম গণ পৰিষদ আৰু ইউপিপিএল দলৰ কথা উল্লেখ কৰে।
গগৈয়ে কয়, ”অসম গণ পৰিষদ দলৰ বাবে এই নিৰ্বাচন শেষ নিৰ্বাচন হৈ পৰিব। ইয়াৰ পিছত অসম গণ পৰিষদক নিৰ্বাচনত হয়তো দেখা পোৱা নাযাব। কিন্তু আমাৰ লগত যিসকলে মিত্ৰতা কৰিব তেওঁলোক অধিক সক্ৰিয় হৈ পৰিব।’’ সংবাদমেলত ভূপেন বৰাৰ বিজেপিত যোগদান সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে যিটো দলত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই যথাযোগ্য সন্মান পোৱা নাই সেই দলটোত ভূপেন বৰাই কিধৰণৰ সন্মান লাভ কৰে তাক লৈ সন্দেহ আছে। ভূপেন বৰাই দল ত্যাগ কৰিলেও কংগ্ৰেছৰ কামত কোনো বাধা নাহে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কিদৰে নিজৰ পৰিয়ালৰ নামত ১২ হাজাৰ বিঘা মাটি কৰি ল’লে সেই সম্পৰ্কে জনতাক জনাবলৈ কংগ্ৰেছে আগতকৈয়ো শক্তিশালী ৰূপত প্ৰচাৰ চলাই যাব। কেতিয়াও বিজেপি দললৈ নাযাও বুলি মা কামাখ্যা আৰু বটদ্ৰৱা থানত শপত ল’ব খোজাজনেও পদত্যাগ কৰিয়েই এদিনো নোৰোৱাকৈ আজি বিজেপিত যোগ দিলে। তেনে নেতাৰ কিবা গ্ৰহণযোগ্যতা আছেনে বুলিও গগৈয়ে প্ৰশ্ন কৰে।
কিছুদিন পূৰ্বে ভূপেন বৰাই মীৰা বৰঠাকুৰ আৰু দেৱব্ৰত শইকীয়াৰ সৈতে কথোপকথন কৰি থকা এটি মুহূৰ্তৰ গইনা লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিজন ভূপেন বৰাৰ বিৰুদ্ধে নাৰীক অপমান কৰাৰ অভিযোগ আনিছিল সেইজন নেতাকে আজি হিন্দু নেতা আখ্যা দি দললৈ আদৰি নিয়া কাৰ্যতো আশ্চৰ্য প্ৰকাশ কৰে গগৈয়ে। ”মহিলা আয়োগৰ জৰিয়তে ভূপেন বৰাক ছমন কৰিলে। পুলিচ দেৱব্ৰত শইকীয়াৰ ঘৰলৈ গ’ল। মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰৰ ওচৰলৈ গ’ল। লগতে সংবাদমেল পাতি নাৰীক অপমান কৰা বুলি মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক যিমান পাৰে সিমান গালি পাৰিছিল। যিজন সেইদিনা এজন চৰিত্ৰহীন নেতা আছিল সেইজন আজি মুখ্যমন্ত্ৰীৰ বাবে হিন্দু নেতা হৈ পৰিল।’’
হিন্দু নেতাৰ চাৰ্টিফিকেট দিয়া কামটো মুখ্যমন্ত্ৰীক এৰি দিবলৈ আহ্বান জনায় গৌৰৱ গগৈয়ে। যিজনৰ বাবে এদিন আগলৈকে মুখ্যমন্ত্ৰীয়ে লজ্জিত অনুভৱ কৰা বুলি কৈছিল সেইজনকে আজি হিন্দু নেতা আখ্যা দি আকোৱালি লোৱাটোৱে মুখ্যমন্ত্ৰী যে এজন ৰাজনৈতিক হিন্দু সেয়া পুনৰ প্ৰমাণিত কৰিছে বুলিও কয় গগৈয়ে। গগৈয়ে কয়, ”ভূপেন বৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিনয় ৰাইজে এতিয়া দেখা পালে। মুখ্যমন্ত্ৰীয়ে নাৰীক সন্মান কৰাৰ অভিনয় কৰি ভূপেন বৰাক গালি-গালাজ কৰিলে। ভূপেন বৰাই মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নামত শপত খোৱাৰ অভিনয় কৰিলে। অভিনয় ভাল হৈছে দুয়োৰে। আমি ভাল পাইছো যে দুয়োজন ভাই-ককাই এতিয়া একেখন মঞ্চত থাকিব। ভালে থাকক।’’
তেওঁ আৰু কয় যে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ যুঁজ নহয়, এইবাৰৰ নিৰ্বাচনত নতুন কংগ্ৰেছ আৰু পুৰণি ভুৱা কংগ্ৰেছীৰ মাজতহে যুঁজ হ’ব। বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক’ত বুলিও গগৈয়ে প্ৰশ্ন কৰে। ”ৰাজেন গোহাঁইয়ে বিজেপি এৰিলেই। সিদ্ধাৰ্থ দাৰ আজি নামেই নাই। বিজয়া খুৰীৰ জীয়েকৰ ছীট নাইকিয়া হ’ল। দিলীপ শইকীয়া আৰু ভৱেশ কলিতাক ভালকৈ দেখাই নাপাও। অগপ দলতো গ’লেই।’’ গগৈয়ে কয়। ১৫ বছৰৰ কংগ্ৰেছ চৰকাৰৰ দিনত কেলেংকাৰী কৰি কংগ্ৰেছ সম্পৰ্কে মানুহৰ মনত বিৰূপ ধাৰণা সৃষ্টি কৰা নেতাসকলে বিজেপি দললৈ গৈ গোটেই দলটোকে এতিয়া হাইজেক কৰি পেলালে বুলিও তীৰ্যক মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত বিভিন্ন সা-সুবিধা লৈ নোদোকা হোৱা নেতাসকলক লগত লৈ বিজেপি কৰিব বিচাৰিছে বুলিও কটাক্ষ কৰে গগৈয়ে।
তেওঁ আৰু কয় যে হিমন্ত বিশ্ব শৰ্মাৰ এনে কাৰ্যকলাপত অতিষ্ঠ হৈ আজি পুৰণি নিষ্ঠাৱান বিজেপি কৰ্মীসকলে দূৰৰ পৰা বহি সকলো চাই ৰ’বলগীয়া হৈছে। প্ৰকৃত বিজেপি কৰ্মীসকলৰ মাজত এই লৈ যথেষ্ট চৰ্চা চলি আছে বুলিও কয় গগৈয়ে। হিন্দু নেতাৰ প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাই হেৰুৱাই পেলাইছে বুলিও কয় গৌৰৱ গগৈয়ে। তেওঁ কয়, ”গৰু ছিণ্ডিকেট কৰা মানুহক মুখ্যমন্ত্ৰীয়ে টিকট দিব বিচাৰে। আজি গৰুৰ ছিণ্ডিকেট অসমত বৃদ্ধি পাইছে। গতিকে তেওঁ কি হিন্দু নেতা হ’ল?’’ হিন্দু ধৰ্মক লৈ যদি বহুত জ্ঞান আছে তেন্তে হিন্দু ধৰ্মৰ বিষয়ে যুক্তি যুদ্ধত অৱতীৰ্ণ হ’বলৈকো মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈয়ে। ভূপেন বৰাৰ পূৰ্বৰে পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোপন সম্পৰ্ক চলি আছিল বুলিও তেওঁ সন্দেহ ব্যক্ত কৰে। গগৈয়ে কয়, ”বহু মানুহে তেওঁলোকৰ সম্পৰ্কটোৰ বিষয়ে আমাক কৈছিল। কিন্তু আমি বিশ্বাস কৰিব খোজা নাছিলো। যিজন মানুহে বিজেপি দলৰ বিৰুদ্ধে ইমান সংগ্ৰাম কৰিলে, সেইজন মানুহে কংগ্ৰেছ দলত যদি কিবা অসুবিধা পালে তেন্তে তেওঁ আন বিজেপি বিৰোধী দললৈ যাব পাৰিলেহেতেন। যদি বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সঁচাকৈ ৰাজনৈতিক বিৰোধিতা আছিল তেন্তে তেওঁ পদত্যাগ কৰিয়েই এদিনো নৰৈ ইমানদিনে বিৰোধিতা কৰি থকা বিজেপি দলটোলৈ কোনোপধ্যে যাব নোৱাৰিলেহেতন।’’
হিমন্ত বিশ্বই ভূপেন বৰাৰ ওপৰত ‘সাম, দাম, দণ্ড, ভেদ’ নীতি প্ৰয়োগ কৰিছে বুলিও কয় গগৈয়ে। মা কামাখ্যা আৰু বটদ্ৰৱা থানৰ নামত শপত লৈ গুৱাহাটীৰ পৰা মাজুলী হৈ কংগ্ৰেছৰ লগত ঘূৰি মুখ্যমন্ত্ৰীক গালি দি এদিনতে বিজেপিলৈ জাঁপ মাৰি দৰা আদৰাৰ দৰে মুখ্যমন্ত্ৰীক আদৰণি জনোৱা ভূপেন বৰাৰ কথাৰ কি ভ্যেলু আছে বুলিও গগৈয়ে প্ৰশ্ন কৰে। ”এই গোটেই প্ৰক্ৰিয়াতো হ’ব বুলি মই জানিছিলোৱেই। ভাবিছিলো যে নিৰ্বাচন ঘোষণা কৰাৰ পিছত হ’ব। ইমান আগতেই যে হ’ব সেইটো জনা নাছিলো।’’ গগৈয়ে কয়। ১২ হাজাৰ বিঘা মাটিৰ মালিক কোন সেয়া অসমৰ সকলোৱে জানিব বিচাৰিছে বাবেই মুখ্যমন্ত্ৰীয়ে কথাবোৰ অন্যফালে ঢাল খুৱাবলৈ এইবোৰ কৰা বুলিও গগৈয়ে দাবী কৰে। কিন্তু মুখ্যমন্ত্ৰীয়ে যিমানেই যি নকৰক অসমৰ মানুহে ১২ হাজাৰ বিঘা মাটিক লৈ প্ৰশ্ন কৰি যাবই বুলিও স্পষ্ট কৰি দিয়ে গগৈয়ে।
সংবাদমেলত গৌৰৱ গগৈয়ে কয় যে বিজেপিয়ে মোক ‘ধূৰন্ধৰ’ সজাব বিচাৰি আছিল যদিও ভূপেন বৰাহে প্ৰকৃত ‘ধূৰন্ধৰ’ ওলাল। ভূপেন বৰা কংগ্ৰেছৰ শেষ হিন্দু নেতা আছিল বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰো তীব্ৰ ভাষাৰে প্ৰত্যুত্তৰ দিয়ে গৌৰৱ গগৈয়ে। যিজন নেতাই মা কামাখ্যাৰ নামত লোৱা শপত ধৰি ৰাখিব নোৱাৰিলে সেইজন কি হিন্দু নেতা হ’ব বুলিও গগৈয়ে প্ৰশ্নবাণ নিক্ষেপ কৰে। মা কামাখ্যাকো মিছা কথা ক’বলৈ নেৰাজন মুখ্যমন্ত্ৰীৰ বাবে হিন্দু নেতা হ’ব পাৰে, কিন্তু অসমৰ ৰাইজে তেনে নেতাক প্ৰকৃত হিন্দু নেতা হিচাপে কেতিয়াও মানি নলয় বুলিও কয় গগৈয়ে। তেওঁ আৰু কয় যে হিন্দু ধৰ্মক এনেকৈ বদনাম কৰি থাকিলে কাইলৈ কোনো পুৰোহিতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানি গোচৰ দিবলৈ বাধ্য হ’ব। গগৈয়ে আৰু কয় যে বিজেপি দলটো এতিয়া কোনোপধ্যে বিজেপি হৈ থকা নাই। দুৰ্নীতি-কেলেংকাৰী কৰি যিসকলে ১৫ বছৰে লুটি-পুতি খালে সেইসকল ভুৱা কংগ্ৰেছীৰে এতিয়া বিজেপি দলটো ভৰি পৰিছে। সেয়ে এইবাৰৰ নিৰ্বাচনত বৰ্তমানৰ নতুন কংগ্ৰেছ আৰু ভুৱা কংগ্ৰেছৰ মাজৰ পৰা অসমৰ ৰাইজে নতুন কংগ্ৰেছক আকোৱালি ল’ব বুলিও কয় গগৈয়ে।
২০৩১ চনত কংগ্ৰেছ বিৰোধী হৈ নাথাকে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয়, ”কংগ্ৰেছ হৈছে এখন মহাসাগৰ। আমি সকলোৱে সেই মহাসাগৰৰ এটোপ এটোপ পানী। আমাৰ, আপোনাৰ সকলোৰে ককা-আইতাৰ দিনতো কংগ্ৰেছ আছিল। আমাৰ-আপোনালোকৰ দেউতাহঁতৰ দিনতো কংগ্ৰেছ আছিল। আমাৰ-আপোনালোকৰ সন্তানৰ দিনতো কংগ্ৰেছ থাকিব। আমাৰ-আপোনালোকৰ নাতি-পুতিৰ দিনতো কংগ্ৰেছ থাকিব।’’ ভূপেন বৰাই শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় যে বিজেপিলৈ যিসকল কংগ্ৰেছী যায় সেই সকলোকে বিজেপি দলে এখন স্ক্ৰিপ্ট দিয়ে আৰু সেইমতে মিডিয়াৰ আগত মন্তব্য কৰে। ভূপেন বৰাকো হিমন্ত বিশ্ব শৰ্মাই তেনেধৰণে এখন স্ক্ৰিপ্ট দি দিছে আৰু সেইখন স্ক্ৰিপ্টকে ভূপেন বৰাই এতিয়া এসপ্তাহৰ বাবে আওৰাই থাকিব বুলিও কটাক্ষ কৰে গগৈয়ে।
এইবাৰ মুখ্যমন্ত্ৰীয়ে কিমান ছীট পাব সেয়া কিয় ক’ব নোৱাৰিলে বুলিও প্ৰশ্ন কৰে গগৈয়ে। তেওঁ কয়, ”আগতে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত কিমান ছীট পাব সেয়াও কৈ দিয়ে। কোনটো সমষ্টিত কিমান মাৰ্জিনত জয়ী হ’ব সেয়াও কয়। এইবাৰতো ছীটৰ কথা তেওঁ একো ক’বই নোৱাৰিলে।’’ ৰাজনীতিত কোনদিনা কেতিয়া কাৰ ভৰিৰ তলৰ মাটি কেনেকৈ খহি যায় সেয়া কোনেও ক’ব নোৱাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে গৌৰৱ গগৈয়ে। এইবাৰ কংগ্ৰেছ দলত টিকট দিয়াক লৈ কাৰো মাজত কোনো অসন্তুষ্টি নাথাকিব বুলিও গগৈয়ে সংবাদমেলত মন্তব্য কৰে। বিপৰীতে বিজেপি দলতহে এতিয়াৰে পৰা চকী দলিয়াদলি আৰম্ভ হৈছে বুলিও কয় গগৈয়ে। উল্লেখ্য যে আজিৰ সংবাদমেলত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা বিকাশ উপাধ্যায় আৰু মনোজ চৌহানে অংশগ্ৰহণ কৰে। সংবাদমেলখনৰ আঁত ধৰে মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।
