গুৱাহাটী

২০ জুলাই

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক শাসনাধীস্থ ৰাজ্য চৰকাৰে কাৰাৰূদ্ধ কৰি ৰখা, কেন্দ্ৰীয় চৰকাৰে অসমে পাবলগীয়া বান সাহাৰ্য আৰু বান ব্যৱস্থাপনা পুঁজি দীৰ্ঘদিন ধৰি মোকলাই নিদিয়া, অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাবিক মূল্যবৃদ্ধি আৰু ক’ভিড-১৯ ৰ নামত ৰাজ্য চৰকাৰে ৰাজনীতি কৰি থকাৰ অভিযোগ উত্থাপন কৰি সোমবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসম বিধান সভা প্ৰাঙ্গনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভৱনৰ চোতালত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

প্ৰতিবাদী কাৰ্যসূচীত দেৱব্ৰত শইকীয়াৰ লগত উপস্থিত থাকে লোকসভাৰ সাংসদদ্বয় গৌৰৱ গগৈ আৰু আব্দুল খালেক, ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞা, বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা এম এইচ চাহজাহান, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, সম্পাদক ৰূপক শৰ্মা, সম্পাদক ৰমন ঝা, মুখপাত্ৰ কমল মেধি, এন এছ ইউ আই’ৰ নেতা জ্যোতিবিকাশ চাংমাই, প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু গোটৰ অধ্যক্ষ চলমান খান আৰু কংগ্ৰেছ দলৰ বহু দলীয় কৰ্মকৰ্তাই। প্ৰতিবাদকাৰী সকলে মুখাপিন্ধা, সামাজিক ব্যৱধান ৰক্ষা কৰাৰ লগতে ক’ভিড-১৯ সম্পর্কীয় অন্যান্য সুৰক্ষামূলক পদ্ধতি অৱলম্বন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীৰ পৰা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ‘নিয়া’ৰ দৰে অনুসন্ধান সংস্থায়ে এই পৰ্যন্ত অখিল গগৈৰ বিৰুদ্ধে কোনো প্ৰমান দাখিল কৰিব পৰা নাই কিন্তু বিতৰ্কিত “কা” বিৰোধীতা কৰাৰ লগতে বিজেপি চৰকাৰৰ অন্যান্য অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে সৰব হোৱাৰ বাবে বৰ্তমানৰ অসম চৰকাৰে কৃষক নেতা গৰাকীৰ ওপৰত এটাৰ পিছত আনটো গোচৰ জাপি দি আছে। বিজেপি মিত্ৰজোত চৰকাৰে মুঠ ৪১ শতাংশ ভোট লৈ বৰ্তমান শাসনত আছে, যাৰ অৰ্থ হ’ল যে ৫৯ শতাংশ ভোট মিত্ৰজোত চৰকাৰৰ বিৰুদ্ধে আছিল। ইয়াৰ পিছতো অসমৰ জনগনক অপমান কৰি অসমৰ সমস্যা উত্থাপন কৰিবলৈ বাধা দিয়া কাৰ্যই চৰকাৰখনৰ ফেচিবাদী চৰিত্ৰটো উদঙাই দিয়ে আৰু সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি সন্মান নথকাৰ প্ৰমান দিয়ে বুলিও মন্তব্য প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই। বিৰোধী দলপতি গৰাকীয়ে লগতে কৃষক নেতা অখিল গগৈক অতি শীঘ্ৰে জামিনত মোকলাই দিবলৈও দাবী জনায়।

অসমৰ বান সমস্যা সম্পৰ্কত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উনুকীয়াই দিয়ে যে কেন্দ্ৰীয় চৰকাৰে বিগত তিনি-চাৰি বছৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত অসমে পাবলগীয়া এপইছাও মোকলাই দিয়া নাই। যোৱা বছৰ আগষ্ট মাহত দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ আন নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী, ড’নাৰ মন্ত্ৰীক স্মাৰকপত্ৰ যোগে অসমৰ প্ৰাপ্য বান ব্যৱস্থাপনা আৰু বান সাহায্য পুঁজি মোকলাই দিবলৈ অনুৰোধ কৰাৰ লগতে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো সহাৰি পোৱা নগল বুলিও জানিবলৈ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বিৰোধী দলপতি গৰাকীয়ে লগতে কয় যে, নিজৰ ভক্ত সকলৰ জন্মদিনত শুভেচ্ছা জনাবলৈ প্ৰধানমন্ত্ৰীৰ সময় ওলায় কিন্তু বানপানীকে ধৰি অসমৰ বিভিন্ন জলন্ত সমস্যাৰ বিষয়ে কংগ্ৰেছ দলে দিয়া স্মাৰকপত্ৰৰ ভিত্তিত যাৱতীয় ব্যৱস্থা লোৱাটো দুৰৰ কথা, তাৰ প্ৰাপ্তি স্বীকাৰ কৰিবলৈও প্ৰধানমন্ত্ৰীৰ সময় নহ’ল। এইয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমবাসীৰ প্ৰতি থকা মৰমৰ নমুনা নেকি বুলি প্ৰশ্ন উত্থাপন কৰে দেৱব্ৰত শইকীয়াই। কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা আৰু ভয়াতুৰ ৰাজ্য চৰকাৰে অসমৰ প্ৰাপ্য আজুৰি আনিব নোৱাৰাৰ ফলত মথাউৰি সমূহ সময়মতে মেৰামতি কৰিব পৰা নগ’ল আৰু বৰ্তমানে বানাক্ৰান্ত লোক সকলক পৰ্যাপ্ত সাহায্য প্ৰদান কৰিব পৰা হোৱা নাই বুলিও মন্তব্য প্ৰকাশ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

বিৰোধী দলপতি গৰাকীয়ে আৰু কয় যে অসমত ক’ভিড মহামাৰি ৰোধ কৰাত চৰকাৰখন ব্যৰ্থ হৈছে বুলি ইতিমধ্যে প্ৰমানিত হৈছে। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী সমূহে সন্মুখীন হোৱা ভয়ংকৰ পৰিস্থিতি ফাদিল হোৱাৰ উপৰি ৰাজ্যৰ বিভিন্ন এলেকাৰ পৰা ক’ভিড পৰীক্ষাৰ ভূল ফলাফল, ক’ভিড ৰোগীক আগতীয়াকৈ ঘৰলৈ যাবলৈ দিয়া, আবদ্ধকৰণৰ নীতি-নিয়ম উলংঘা আদিৰ বাতৰি দৈনিক পোৱা গৈছে। সমান্তৰাল ভাবে বিৰোধী নেতা সকলক ক’ভিডৰ অজুহাতত ৰাইজৰ সংস্পৰ্শলৈ যোৱাত বাধা প্ৰদান কৰা হৈছে, কিন্তু শাসকীয় পক্ষৰ নেতা সকলে কোনো সুৰক্ষা ব্যৱস্থা নোলোৱাকৈ অবাধে ৰাইজৰ সংস্পৰ্শলৈ গৈছে। ফলস্বৰূপে বিভিন্ন স্থানত বহু লোক বিজেপি বিধায়ক-নেতা সকলৰ দ্বাৰা ক’ভিডত আক্ৰান্ত হৈছে অথবা আবদ্ধকৰণত থাকিব লগীয়া হৈছে। দেৱব্ৰত শইকীয়াই লগতে কয় যে, এফালে ধাৰাবাহিক লকডাউনৰ ফলত অসংখ্য লোকৰ জীৱিকা উপাৰ্জনৰ পথ বন্ধ হ’ল আৰু আনফালে খাদ্য সামগ্ৰী, ঔষধ, পেট্ৰল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ লোকক কঙা কৰি পেলাইছে।

আনহাতে সাংসদ গৌৰৱ গগৈয়ে কয় যে, অসমত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু মুখ্যমন্ত্ৰীত্বকলৈ সৰ্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থকা যুদ্ধৰ বাবে অসমৰ ৰাইজ বিপদত পৰিছে। মুখ্যমন্ত্ৰীয়ে সদ্যহতে ঘোষণা কৰিলে যে বান সমস্যাৰ সংক্ৰান্তত নীতি আয়োগে এখন কমিতি গঠন কৰিছে। কিন্তু সময় মতে মথাউৰি আৰু ৰাস্তা-দলং নিৰ্মাণ নকৰি এতিয়া এই বানপানীৰ সময়ত কমিতি গঠন কৰিলে বানাক্ৰান্ত ৰাইজৰ কি উপকাৰ হ’ব বুলি সাংসদ গৰাকীয়ে প্ৰশ্ন কৰে। গৌৰৱ গগৈয়ে লগতে কয় যে, ঠিক তেনেদৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ক’ভিডৰ গয়না লৈ ভ্ৰমন কৰিছেহে কৰিছে কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰে অসমত ক’ভিড সংক্ৰমনকলৈ চিন্তা ব্যক্ত কৰিবলগীয়া পৰিস্থিতি পাইছে। সাংসদ আব্দুল খালেকে কয় যে, অখিল গগৈৰ প্ৰতি কৰা আচৰণত ৰাজ্য চৰকাৰৰ স্বেচ্ছাচাৰীতা প্ৰমান কৰিছে। সাংসদ আব্দুল খালেকে অখিল গগৈৰ লগতে “কা” বিৰোধী আন্দোলনত জৰিত থকাৰ বাবে দিল্লী আৰক্ষীয়ে বন্দী কৰি ৰখা অসমৰ ছাত্ৰী দেবাঙ্গনা কলিতাৰো মুক্তি দাবী জনাইছে। ক’ভিড সংক্ৰান্তত আব্দুল খালেকে কয় যে অসমৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কথা বেছি কৈছে আৰু কাম কম কৰিছে।