গুৱাহাটী, সংবাদ ৩৬৫, ২২ নৱেম্বৰ : সমগ্ৰ উত্তৰ-পূৱৰ লগতে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন । ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন দল-সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে সজোৰে প্ৰতিবাদ কৰিছে এই বিলখনৰ বিৰুদ্ধে।
শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ চচলত কেবৰ বিৰুদ্ধে হাতে হাতে প্ৰতিবাদী শ্লো গানৰ প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ইণ্ডিজেনাছ ফ’ৰাম আছাম আৰু নৰ্থ ইষ্ট ইণ্ডিজেনাছ ফ’ৰাম পিপুলে।
কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আলোচনাপন্থী আলফাৰ নেতা অনুপ চেতিয়াও অংশ গ্ৰহণ কৰে উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত ।
অনুপ চেতিয়াৰ মন্তব্য – ’‘অসমৰ খিলঞ্জীয়া ৰাইজে চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাব।”
ইফালে বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোট, বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোট আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে কেবৰ বিৰোধীতাৰে জোৰ সমদল কৰে।