গুৱাহাটী, সংবাদ ৩৬৫, ২ ডিচেম্বৰ : সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়াসকলে যুটীয়াকৈ কেবৰ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে ।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ২০১৪-১৫ বৰ্ষৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি দাসে কয় – “কেবক লৈ অসমৰ দল – সংগঠনে মাত মাতি আহিছে । এসপ্তাহ জুৰি কটনিয়ানে আন্দোলনত ভাগ লৈছে আৰু আগন্তুক দিনটো মাত মাতি থাকিব । অগপ আৰু বিপিএফে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে । আজিৰ দিনত এটা প্ৰশ্ন তেওঁলোকৰ স্থিতি কি ? তেওঁলোকে মাত মাতিব নে নাই বিপদৰ সময়ত?

২০১৫-১৬ বৰ্ষৰ সাধাৰণ সম্পাদক অম্লানজ্যোতি দেউৰীয়ে কয় যে – ” নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় কটনিয়ানে । অসম সাহিত্য সভা, অগপ আদিক ৰাইজে প্ৰত্যাখ্যান কৰা উচিত । তীব্ৰ ভাবে গৰিহণা দিছোঁ আঞ্চলিক জনগোষ্ঠীসকলক। জাতীয় , জনগোষ্ঠীয় , ৰাজনৈতিক নেতাৰ প্ৰৱেশ ৰাজহুৱা স্থানত নিষিদ্ধ কৰক । লাগিলে তেওঁ বিয়া, সবাহতে নহওক কিয়।

২০১৬-১৭ বৰ্ষৰ সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই কংগ্ৰেছক সকীয়াই দি কয় যে কংগ্ৰেছে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে । দুটা দুটা কথা নকব। ছাত্ৰ সমাজ নিজে নিজে আন্দোলনত নামিছে । ইয়াৰোপৰি হিমন্ত বিশ্ব শৰ্মাই সংসদৰ মজিয়াত জয় বাংলাদেশ ধ্বনি দিয়া কাৰ্যক ধিক্কাৰ দি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিয়া হ’ব ।

২০১৭-১৮ বৰ্ষৰ সাধাৰণ সম্পাদক মনোমোহন চেতিয়াই কয় – এই আন্দোলনত আমি জয়ী হম। সকলো শিক্ষানুস্থানৰ ছাত্ৰ-ছাত্ৰী নামি আহক।

২০১৮-১৯ বৰ্ষৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় – অসম আন্দোলনতকৈ ডাঙৰ আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হম । সকলো ওলাই আহিব লাগে । নাগপুৰৰ পৰা তেওঁলোকে চাই থাকিলে নহব। অসমত এতিয়াও চুকাফাৰ তেজ আছে । সকলো নেতাই নিজে নিজৰ মতে বিলখন সংশোধন কৰি যাব আৰু অসমৰ ওপৰত মাধমাৰ সোধাই যাব । চৰকাৰে যদি বাতিল নকৰে অসম আন্দোলনতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলা হব ।

বৰ্তমানৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে এসপ্তাহজুৰি চলা আন্দোলনত যথেষ্ঠ সফল হৈছো । আগন্তুক দিনটো বিভিন্ন আন্দোলনৰ কার্যসূচী হাতত লোৱা হৈছে । সেই অনুসৰি ৬ ডিচেম্বৰত গ্ৰহণ কৰা হৈছে “ৰণহুংকাৰ” নামৰ এক ধৰ্মঘট । সাংস্কৃতিক প্ৰতিবাদৰ কাৰ্য্য সূচীও ইয়াত গ্ৰহণ কৰা হ’ব । প্ৰয়োজন অনুসৰি বিজেপিৰ কাৰ্য্যালয়ো ঘেৰাও কৰা হব বুলি জানিবলৈ দিয়ে ৰাহুল বৰদলৈয়ে।

৫০০০ কটনিয়ান লগ হৈ এক স্বাক্ষৰ অভিযানো আৰম্ভ কৰা হব । স্বাক্ষৰ অভিযানত ৫০০০ কটনিয়ান লগ হৈ প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা হব।

ইয়াৰোপৰি গামোছা প্ৰতিবাদৰ প্ৰতীকী স্বৰূপে প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰিব ।