মানকাচৰ : “পূৰ্বে থানাত দুখীয়া মানুহ গোচৰ ৰুজু কৰিবলৈ গ’লে টকা দিব লাগিছিল, এতিয়া দুখীয়া মানুহে থানাত গ’লে টকা দিব নালাগে। দুখীয়া মানুহে যাতে ন্যায় পায় ইয়াৰ বাবে কাম কৰে মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়ে। গতিকে আমাক মানকাচৰ আৰক্ষী থানাত নিতাই চন্দ্ৰ ৰায় লাগে।” এইয়া মানকাচৰবাসী ৰাইজৰ মন্তব্য। মানকাচৰ আৰক্ষী থানাৰ পৰা নিতাই চন্দ্ৰ ৰয়ক বদলি কৰাত ক্ষোভিত হৈ উঠিছে মানকাচৰবাসী।

মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰয়ক বদলি কৰাত অসন্তুষ্ট হৈ প্ৰতিবাদ সাব্যস্ত কৰে মানকাচৰবাসী ৰাইজে। বুধবাৰে দুপৰীয়াৰ ভাগত প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলা ঘৰৰ পৰা ওলাই আহি আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰায়ৰ বদলিৰ বিৰোধিতা কৰে। মানকাচৰ আৰক্ষী থানাৰ পৰা আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰয়ক দৰং জিলালৈ বদলি কৰাকলৈ মানকাচৰৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়।

প্ৰতিবাদকাৰী ৰাইজে কয় যে নিতাই চন্দ্ৰ ৰায় মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা মানকাচৰত ড্ৰাগছ বেহা বহু পৰিমাণে হ্ৰাস পোৱাৰ লগতে চুৰি, ডকাইতি আৰু অন্যান্য অপৰাধমূলক ঘটনা নিয়ন্ত্ৰণলৈ আহিছে। পূৰ্বে মানকাচৰ থানাত দুখীয়া ৰাইজে ন্যায় বিচাৰি গ’লে টকা দিব লগীয়া হৈছিল কিন্ত নিতাই চন্দ্ৰ ৰয় দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা দুখীয়া ৰাইজে টকা দিব নালাগে আৰু আৰক্ষীয়ে দুখীয়া ৰাইজৰ ন্যায়ৰ বাবে কাম কৰে বুলিও কয় মানকাচৰৰ ৰাইজে।

উল্লেখ্য যে প্ৰায় ৮ মাহ পূৰ্বে মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিছিল নিতাই চন্দ্ৰ ৰয়ে। আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰয়ৰ নেতৃত্বত ইতিমধ্যে মানকাচৰত বহু ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ হৈছে। ইফালে যোৱা ৫ জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলৰ লগত আলোচনাত মিলিত হৈ এখন থানাত দুবছৰ নোহোৱা কোনো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বদলি কৰা নহ’ব বুলি প্ৰকাশ কৰিছিল।

মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতো এইদৰে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক মাত্ৰ ৮ মাহৰ ভিতৰত বদলি কৰাৰ বাবে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰয়ৰ বদলি স্থগিত কৰাৰ বাবেও মানকাচৰৰ ৰাইজে দাবী জনাইছে।