নিউজ ডেস্ক : দেশৰ স্বাধীনতা দিৱসৰ দিনাই নিজৰ স্বধীনত বাবে প্ৰতিবাদ। নিজ দেশৰ পতাকা হাতত লৈ প্ৰতিবাদত নামিল দেশৰ নাগৰিক। দখলকাৰীৰ গুলী বর্ষণ প্ৰতিবাদকাৰীৰ ওপৰত। মৃত্যু কেইবাজনো লোকৰ, আহত বহু লোক।

১৯ আগষ্টত প্ৰতিবছৰে দেশৰ স্বাধীনতা দিৱস পালন কৰা হয় আনন্দ আৰু উল্লেখেৰে। স্বাধীনতা সুখ প্ৰকাশ কৰা হয় ঘৰৰ চাদত উত্তোল কৰি। কিন্তু এইবাৰ দেশৰ স্বাধীনতাৰ ওপৰত মহাসংকট নামি অহাত প্ৰতিবাদৰ মাজেৰে দেশৰ নাগৰিকে উদযাপন কৰিলে স্বাধীনতা দিৱস।

১৫ আগষ্টত অৰ্থাৎ স্বাধীনতা দিৱসৰ তিনি দিন পূৰ্বে আফগানিস্তান পুনৰ পৰাধীন হয়। ১৫ আগষ্টত আফগানিস্তানৰ ৰাজধানী কাবুলৰ ওপৰত আহি পৰে তালিবানৰ ক’লা ছাঁ। তালিবানে কাবুল দখল কৰাৰ লগে লগে পৰাধীন হোৱাৰ ভয়ত দেশ এৰি পলায়ন আৰম্ভ কৰে আফগানিস্তানৰ নাগৰিক।

আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্রফ গণি নিজৰ দেশখন তালিবানৰ হাতত অৰ্পণ কৰি পলায়ন কৰাৰ লগে লগে মনোবল ভাঙি যোৱা বহু আফগান নাগৰিকে দেশ এৰিবলৈ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আফগানিস্তানত। ইয়াৰ মাজতো কিন্তু একাংশ আফগান নাগৰিকে সাহসেৰে থিয় দিছে তালিবানৰ সৈন্যৰ সন্মুখত।

বিশেষকৈ সাহসী আফগান মহিলা এতিয়া আৰু পূৰ্বৰ দৰে তালিবানৰ নিৰ্যাতন মুখ বন্ধ কৰি শয্য নকৰে। তালিবানক প্ৰতিবাদেৰে প্ৰত্যুত্তৰ দিছে আফগান মহিলাই। তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল চাৰি গৰাকী সাহসী মহিলাই। ইয়াৰ পিছতে বুধবাৰে আফগানিস্তানৰ পতাকা হাততলৈ ওলাই আহিছিল বহু আফগান নাগৰিক।

বৃহস্পতিবাৰে অৰ্থাৎ আফগানিস্তানৰ স্বাধীনতা দিৱসৰ দিনা পুনৰ দেখিবলৈ পোৱা গ’ল একে পৰিৱেশ। আছদাবাদ চহৰত স্বাধীনতা দিৱস উপলক্ষে আফগান নাগৰিকে হাতত আফগানিস্তানৰ পতাকালৈ এক প্ৰতিবাদী সমদল উলিয়াই। ইয়াৰ পিছতে প্ৰতিবাদকাৰীৰ ওপৰত আৰম্ভ হয় তালিবানৰ গুলী চালনা।

তালিবান সৈন্যৰ গুলীত কেইবাজানো প্ৰতিবাদকাৰীৰ মৃত্যুৰ লগতে বহু লোক আহত হোৱাৰ আশংকা কৰা হৈছে। তালিবানে আফগানিস্তান দখল কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আফগান নাগৰিকে। দেশ স্বাধীন হোৱাৰ দিনাই তালিবানৰ বিৰুদ্ধে ওলাই আহিছে আফগান নাগৰিক।