গুৱাহাটী, ১৬ জানুৱাৰী, ২০২৪ : চৌদিশে ভোগৰ ভোগালীৰ উছাহৰ বিপৰীতে পুনৰ সংস্থাপনৰ দাবীত শিলসাঁকোবাসী (Silsaku) বহিল দুদিনীয়া অনশনত। অনশনস্থলীত মেজি জ্বলাই অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী চিন্তা-চেতনা বিনাশ হোৱাৰ কামনা কৰে শিলসাঁকোবাসীয়ে। প্ৰায় দুটা বছৰৰ পূৰ্বে উচ্ছেদিত হৈ এহেজাৰৰো অধিক থলুৱা পৰিয়ালে পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবীৰে ধাৰাবাহিকভাৱে চলাই অহা দিছপুৰৰ পৰা দিল্লীলৈকে প্ৰতিবাদী কাৰ্যসূচী, অসমত নজিৰবিহীন মহিলাৰ অৰ্ধ উলংগৰ দৰে চৰম প্ৰতিবাদৰ পাছত এইবাৰ ভোগৰ ভোগালীৰ উৰুকা আৰু বিহুৰ দুয়োটা দিনত দিছপুৰৰ নাতিদূৰত শিলসাঁকোৰ উচ্ছেদিত পৰিয়াল সমূহে অনশনত বহে।

অনশনকাৰীৰ অভিযোগ “খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা বুলি নিজকে দাবী কৰা অসমৰ মূখ্যমন্ত্ৰীজনে ভোগালীৰ আনন্দত মতলীয়া হৈ এহাতে প্ৰকাণ্ড চিতল মাছ আৰু আনহাতে বৰালি মাছ লৈ সামাজিক মাধ্যমত ফটো আপলোড কৰাৰ বিপৰীতে মূখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা কিছু নিলগত একাংশ খিলঞ্জীয়াক বিহুৰ দিনটোত এনেদৰে দিন-ৰাতি অনাহাৰে, অনিদ্ৰাৰে ৰাজপথত কটাবলৈ বাধ্য কৰালে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এইয়া অসমৰ ইতিহাসত ডাইনেমিক মুখ্যমন্ত্ৰীৰ কাৰ্যকালত নজিৰবিহীন ঘটনা।” উল্লেখযোগ্য যে বানমুক্ত গুৱাহাটী গঢ় দিয়াৰ লক্ষৰে অসম চৰকাৰে এতিয়ালৈকে তিনিটা পৰ্যায়ত প্ৰায় ১২০০ পৰিয়ালক শিলসাঁকোৰ বুকুৰ পৰা উচ্ছেদ কৰিছিল। উচ্ছেদিত থলুৱা পৰিয়াল সমূহে পুনৰ সংস্থাপন আৰু আগতীয়া ক্ষতিপূৰণ অবিহনে কৰা এনে বৰ্বৰ, অমানৱীয়, বে-আইনী, বৈষম্যমূলক উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ আন্দোলন গঢ়ি তুলিছিল। কিন্তু হাজাৰ হাজাৰ আৰক্ষী মোতায়েন কৰি চৰকাৰ, প্ৰশাসনে উচ্ছেদ কাৰ্য চলাই নিছিল। আৰু উচ্ছেদিত সকল অধিক উত্তেজিত হৈ অসমত নজিৰবিহীন ভাৱে মহিলাৰ দ্বাৰা অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

ইমানৰ পাছতো অসম চৰকাৰে উচ্ছেদিতৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ বাবে উচ্ছেদিতৰ প্ৰতিবাদ দিছপুৰৰ পৰা দেশৰ ৰাজধানী দিল্লীলৈ পৰ্যবেসিত হৈছিল। অসমত ২০২৩ বৰ্ষটোত সৰ্বাধিক, দিঘলীয়া আন্দোলন শিলসাঁকোবাসীৰ দ্বাৰা ৰূপায়িত হৈছিল। লক্ষণীয়ভাৱে ধাৰাবাহিক আন্দোলনৰ পাছত চৰকাৰে একাংশ লোকক সামান্য পৰিমাণৰ ক্ষতিপূৰণ প্ৰদান কৰিছে যদিও সেইয়া কণা হাঁহক পতান ধান আখ্যা দি পুনৰ সংস্থাপন তথা মাটিৰ বিনিময়ত মাটি আৰু উপযুক্ত ক্ষতিপূৰণ অবিহনে কোনো কাৰনতে ক্ষান্ত নোহোৱাৰ কথা ঘোষনা কৰি ভোগালীৰ উৰুকাৰ দিনটোতে দুদিনীয়াকৈ অনশনত বহা শিলসাঁকোবাসীৰ আকোৰগোঁজ স্থিতিয়ে স্পষ্ট ইংগিত বহন কৰে যে তেওঁলোকৰ দাবী চৰকাৰে মানি নললে এই প্ৰতিবাদ আৰু তীব্ৰতৰ হ’ব।

প্ৰতিবাদত নেতৃত্ব প্ৰদান কৰি উচ্ছেদিত ৰাইজৰ প্ৰতিনিধি গায়ত্ৰী বৰিয়ে অতি উষ্মাৰে কয় যে “মেজিৰ জুইত আমি শপত লৈছো, আমি সৰ্বস্ব উজাৰি যুঁজিম। এইবাৰ প্ৰতিবাদ চচলত নহয় মূখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিম।” প্ৰতিবাদত অংশ লৈ কৃষক মুক্তিৰ নেতা বিদ্যুৎ শইকীয়া আৰু আকাশ দলে কয় যে “মেজিৰ জুইৰ দৰে উচ্ছেদিতৰ বুকুত জ্বলি থকা জুই কোৰা লাহে লাহে অগ্নিকুণ্ডলৈ পৰ্যবেসিত কৰিছে চৰকাৰে। ইয়াৰ পৰিনাম ভয়াবহ হ’ব। মুখামুখী হ’বলৈ সাজু হঁওক চৰকাৰ।” দুদিনীয়া অনশনৰ অন্তত অনশনকাৰীক ফলৰ ৰস খোৱাই অনশনৰ সমাপ্তি ঘটাই লেখক, বুদ্ধিজীৱি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা শান্তনু বৰঠাকুৰে। তেখেতে ভাষন প্ৰসংগত মূখ্যমন্ত্ৰীয়ে হাতত চিতল মাছ ডাঙি ফটো আপলোড কৰা অসমত আন একাংশ অসমীয়াই অনাহাৰে, অনিদ্ৰাৰে বিহু পালন কৰিবলগীয়া হোৱাটো চৰম দুৰ্ভাগ্যজনক। বনিয়াৰ প্ৰতি দৰদ চৰকাৰে থলুৱা এই বিলৈ কৰিবলৈ কুণ্ঠাবোধ নকৰে। অনশনত উপস্থিত থাকে আন এগৰাকী অসমৰ বিশিষ্ট বুদ্ধিজীৱি, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক দেৱেন তামুলী।

তেওঁ কয় থলুৱাৰ কথা কোৱা চৰকাৰৰ দিনত এইয়া চৰম লজ্জাজনক বিষয় থলুৱা আজি বিহুৰ দিনা ৰাজপথত। কৃষক মুক্তিৰ সভাপতি দেৱেন শৰ্মা আৰু প্ৰচাৰ সম্পাদক পৃথিৰাজ দলে অংশগ্ৰহণ কৰে। স্মাৰক পত্ৰ গ্ৰহণ কৰে এ চি পি নিশান্ত সৌৰভে। অনশনস্থলীতে বিহুৰ পুৱা পৰম্পৰাগত ৰীতি-নীতিৰে মেজি জ্বলাই সমাজৰ পৰা অশুভ শক্তি বিনাশ হোৱাৰ লগতে ৰজাঘৰীয়াৰ খিলঞ্জীয়া বিৰোধী, থলুৱা বিৰোধী কামকাজৰ চিন্তা চেতনা যাতে মেজিৰ জুইয়ে পুৰি নাইকীয়া কৰি অসম আৰু অসমীয়াৰ হৈ কামকাজ কৰিবলৈ শুভ বুদ্ধি উদ্য় হয়, তাৰে কামনা কৰে অনশনৰত প্ৰতিবাদকাৰী সকলে। অনশনস্থলীত বিহুৰ উপলক্ষে উপস্থিত শ্ৰদ্ধাৰ সংবাদকৰ্মী সকলক একোখনকৈ বিহুৱানেৰে বিহুৰ ওলগ যাচে লগতে অনশনৰ অন্তত সকলোৱে মিলি বিহুৰ ভোজ আয়োজন কৰি আহাৰ গ্ৰহণ কৰে।