বৰপেটা, সংবাদ ৩৬৫, ১৪ আগষ্ট: বৰপেটা-বঙাইগাঁও জিলাৰ তথা গুনিয়ালগুৰী কোকিলা‌ৰ মাজত মৰামানাহ ওপৰত জামিৰুল হক খন্দকাৰ নামৰ ঠিকাদাৰজনে দলং নিৰ্মাণত লেহেমীয়া কাম আৰু নামমাত্ৰ কাম কৰি বন্ধ ৰখাত আজি ছাত্ৰ ছাত্ৰী আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰে ।

ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই পাৰঘাটত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ পাৰাপাৰৰ ব্যৱস্থা কৰক, ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰক, ঠিকাদাৰৰ মইমতালি নচলিব, জিলা প্ৰশাসনে ব্যৱস্থা লওক আদি শ্লোগানেৰে উত্তাল কৰি তোলে।

উল্লেখযোগ্য ২০১৭-১৮ বৰ্ষত মূখ্যমন্ত্ৰীৰ ১হাজাৰ পকী দলং নিৰ্মাণৰ কাম স্থানীয় বিধায়কে যোৱা ২৭-৫-২০১৮ ইং তাৰিখত শুভাৰম্ভ কৰে। কিন্ত ঠিকাদাৰজনে পুৰনা কাঠৰ দলংৰ কাঠ চোৰাংভাবে বিক্ৰী কৰি নামমাত্ৰ বাহৰ সাকো নিৰ্মাণ কৰি দিয়ে। কিন্ত সামান্য পানীত উঠি যোৱাত দৈনিক শশ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে টুলুঙা নাওৰে পাৰাপাৰ হবলগীয়া হৈছে। স্থানীয় পথচাৰীয়ে ঠিকাদাৰজনৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দাবী তুলিছে।দলংৰ পুৰনা কাঠ বিক্ৰী কৰাৰ লগতে দলং নিৰ্মাণ কৰা সকলো সামগ্ৰী লৈ যোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নৱজ্যোতি কলেজ, চিকে কলেজ, জিকে এৰাবিক কলেজ, চাকলা উচ্চতৰ মাধ্যমিক, গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰেডিয়ান্চ একাডেমী, ফকৰুদ্দিন আলি একাডেমী, বীনাপাণি ইউনাইটেড হাইস্কুলসহ ৮-১০ খন স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীয়ে নিতৌ অহাযোৱা কৰিব লগীয়া হৈছে। যাৰ বাবে নাৱেৰে পাৰাপাৰ কৰোতে টকা লয় বুলি ছাত্ৰ ছাত্ৰীসকলে জানিবলৈ দিয়ে ।