সোনাপুৰ, ৭ ডিচেম্বৰঃ আমচাং অভয়াৰণ্যত বাসবাক কৰা লোকসকলক চৰকাৰে উচ্ছেদ কৰাৰ পিছত উচ্ছেদিত লোকসকলক চৰকাৰে সোনাপুৰত পুনৰ সংস্থাপন দিবলৈ ওলোৱা কাৰ্য্যসূচীক তীব্ৰ বিৰোধিতা কৰিছে সোনাপুৰবাসী ৰাইজে৷ আজি সোনাপুৰৰ আমৰি কাৰ্বিৰ ৬ জাতীয় সংগঠনে আমচাংৰ উচ্ছেদিত লোকসকলক সোনাপুৰাত পুনৰ সংস্থাপন দিয়াৰ বিৰুদ্ধে এক বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি চামতৰ লালমাটিৰ পৰা সোনাপুৰ চক্ৰ বিষয়া কাৰ্যালয়লৈ সমদল উলিয়াই। আমৰি কাৰ্বিৰ এই ৬ জাতীয় সংগঠনে চৰকাৰ এই নীতিক তিব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ জাতীয় সংগঠনকেইটাই জানিবলৈ দিয়ে যে চৰকাৰৰ এই নীতিক তেওঁলোকে কেতিয়াও মানি নলয়। জাতীয় সংগঠনকেইটাই সোনাপুৰত থকা প্ৰদূষিত উদ্যোগসমূহো অতি শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়। চৰকাৰে সোনাপুৰবাসীৰ এই দাবীসমূহ যদি মানি নলয় তেন্তে অতি শীঘ্ৰে জংগী আন্দোলন গঢ়ি তুলিব হুংকাৰ দিয়ে জাতীয় সংগঠনকেইটা।