গুৱাহাটী, সংবাদ ৩৬৫, ৮ জুন : ভয়ংকৰ ব্লু হুৱেল গেমৰ পাছতেই এইবাৰ কিশোৰ-কিশোৰীৰ জীৱনলৈ ভয়াবহ হৈ নামি আহিছে পাবজি। ব্লু হুৱেল গেম খেলি বহু যুৱক-যুৱতীয়ে নিজৰ মৃত্যু নিজেই মাতি আনিছিল। এইবাৰ ভয়ংকৰ ব্লু হুৱেল গেমৰ পাছতেই পাবজিয়ে কিশোৰ-কিশোৰীলৈ ভয়াৱহ বাৰ্তা কঢ়িয়াই অনাৰ লগতে সম্প্ৰতি চিন্তিত হৈ পৰিছে অভিভাৱকসকল।

গুৱাহাটী মহানগৰীৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰই পাবজি মোবাইল গেমৰ বাবে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ মহানগৰজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা অনুসৰি ৰাতি পলমকৈ শোৱা ছাত্ৰজনে আন দিনাৰ দৰে ঘটনাৰ দিনাও পলমকৈ শোৱাৰ পৰা উঠে আৰু বিদ্যালয়লৈ যাবলৈ অনিচ্ছা প্রকাশ কৰে । ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষৰ পৰা ঘটনাৰ দিনা ইউনিট টেষ্ট থকা বুলি জানিব পাৰি পৰীক্ষাৰ বিষয়ে ঘৰত অৱগত নকৰাৰ বাবে আৰু প্ৰায়েই মোবাইলত গেম খেলি থকাক লৈ ছাত্ৰজনক তীব্ৰ ভৎৰ্সনা কৰে মাতৃয়ে ।

মাতৃৰ ভৎৰ্সনা সহ্য কৰিব নোৱাৰি মাক ঘৰত নথকাৰ সময়ত আত্মহননৰ পথ বাছি লয় দশম শ্ৰেণীৰ ছাত্ৰজনে। দুপৰীয়া উভতি আহি মাতৃয়ে চীপ লোৱা অৱস্থাত পুত্ৰৰ মৃতদেহ বেডৰূমত উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে ছাত্ৰজনে অধ্যয়ন কৰিছিল মহানগৰীৰ ফেকাল্টি হাইস্কুলত। ছাত্ৰজনক লগে লগে হায়াত হাস্পতাললৈ নিয়া হয় যদিও ছাত্ৰজনৰ প্ৰাণবায়ু বহু সময়ৰ পূৰ্বেই উৰি যোৱাৰ কথা চিকিৎসকে জনায়। ছাত্ৰজনৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা ফটাশিল থানাত পঞ্জীয়নো কৰা হয়।

এই গেমৰ প্ৰতি আসক্তিৰ বাবেই কিছুদিন পূৰ্বে বহিঃৰাজ্যত এজন ছাত্ৰৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ পিছতে পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হয় একেধৰণৰ কৰুণ ঘটনা।

পাবজিৰ এই মাৰাত্মক পৰিণতিয়ে কঁপাই গৈছে বহু অভিভাৱকৰ বুকু। সময় থাকোতে সাৱধান হবৰ হল কিশোৰ-কিশোৰীৰ অভিভাৱকসকল । নহলে হয়তো ব্লু হুৱেলৰ দৰে পাবজিয়েও লব বহু কিশোৰ-কিশোৰীৰ প্ৰাণ ।