গুৱাহাটী, সংবাদ৩৬৫, ১৬ মাৰ্চ : অগপৰ কাৰ্য্যালয়ৰ সন্মুখত প্রচণ্ড হতাহতি প্ৰতিবাদকাৰী আৰু অগপৰ সদস্যৰ মাজত । বিজেপিৰ লগত অগপৰ মিত্ৰতাৰ হেতু তেওঁলোক ওলাই আহিছিল গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কিন্তু তেওঁলোকক প্ৰতিবাদ কৰাত বাধা দিলে অগপৰ সদস্যই ।

আনহাতে আৰক্ষীয়ে আটক কৰে আবু জাহান বুলবুলি নামৰ এগৰাকী হোজাইৰ প্ৰতিবাদকাৰীজনক প্ৰহাৰ কৰে অগপ কৰ্মী সুশীল ডেকাই। মহিলা প্ৰতিবাদকাৰীৰ ওপৰতো হাত দিয়াৰ অভিযোগ হাজোৰ সুশীলৰ ওপৰত।

মাৰপিত হোৱাৰ পূৰ্বে অগপ কৰ্মীৰ লগতে সুশীল ডেকা আছিল যদিও ঘটনা সংঘটিত হোৱাৰ পাছতে তেওঁ অগপৰ কৰ্মী নহয় আৰু তেওঁক বহু দিন পূৰ্বে দলৰ পৰা বহিস্কাৰ কৰা বুলি স্বীকাৰুক্তি দিয়ে অগপৰ মুখপাত্ৰ তপন দাসে।

আনহাতে,আবু জানা বুলবুলিক লতাশিল আৰক্ষীয়ে ইতিমধ্যে আটক কৰি লৈ গৈছে। মহিলা প্ৰতিবাদকাৰী কেইগৰাকী ক্ৰমে কৃষ্ণা শৰ্মা, নম্ৰতা শৰ্মা, অদিতি কলিতা আৰু অমৃতা চক্ৰৱৰ্তী।

ইয়াৰোপৰি অগপ নেতা কৰ্মী সকলে অতুল বৰা জিন্দাবাদ ধ্বনি দিয়াৰ লগতে দুই তিনিজন অগপ কৰ্মীয়ে প্ৰহাৰ কৰে প্ৰতিবাদকাৰী সকলক। আনহাতে, অগপ কৰ্মী সকলে তেওঁলোকক কংগ্ৰেছৰ দালাল আখ্যা দিয়ে।

ইফাল প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগত কয় যে তিনি মন্ত্ৰীয়ে স্বাৰ্থ সিদ্ধিৰ কাৰণে অসমীয়াক ভেঙুচালি কৰিলে। নিৰ্বাচনত ভোটৰ অংকৰ কাৰণে তেওঁলোকে এইয়া কৰিছে। আমি সাধাৰণ জনতাই যথেষ্ট দুখ পাইছোঁ আৰু তাৰ বাবে আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ। গণতন্ত্ৰত সকলোৰে অধিকাৰ থাকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ। অসমত অসমীয়া মহিলাক বেয়া ব্যৱহাৰ কৰিছে, মহিলাক ঠেলা হেঁচা কৰিছে। কোনোধৰণৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আমি অহা নাছিলোঁ।

এই ঘটনাৰ পিছতেই অগপৰ কাৰ্যালয়ত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। কাৰ্যালয়ৰ বাহিৰত মোটায়েন কৰা হৈছে আৰক্ষী-অৰ্ধসামৰিক বাহিনী।