যোৰহাট, ৮ মাৰ্চ, ২০২৬ : অসমৰ সমবায় দুগ্ধ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত গ্ৰহণ কৰা এক উল্লেখনীয় পদক্ষেপৰ অংশ হিচাপে যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত তিনিখনকৈ নতুন দুগ্ধ সংসাধন প্ৰকল্পৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন সম্পন্ন কৰে পূৰবী ডেইৰীয়ে (Purabi Dairy)। এই কাৰ্যসূচীয়ে সমগ্ৰ উজনি অসমতে পূৰবী ডেইৰীৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে। উল্লেখ্য যে, ইয়াৰে মূল অনুষ্ঠানটো অনুষ্ঠিত হয় যোৰহাটত। য’ত ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে (ওৰফে লালন সিঙ) এই ভূমি পূজন তথা আধাৰশিলা স্থাপন কাৰ্য সম্পন্ন কৰে।
এই বিশেষ ক্ষণত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, সমবায় বিভাগৰ মন্ত্ৰী যোগেন মহন, শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু আৰু শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। তেওঁলোকৰ লগতে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ডৰ (এন ডি ডি বি) অধ্যক্ষ ড০ মীনেশ শ্বাহ, ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ (ডি এ এইচ ডি) অতিৰিক্ত সচিব বৰ্ষা যোশী আৰু অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা (এ এইচ এণ্ড ভি) বিভাগৰ আয়ুক্ত তথা সচিব এম এছ মণিৱান্নন উপস্থিত থাকে। অনুষ্ঠানটোৰ মাজতে ডিব্ৰুগড় আৰু ধেমাজিত স্থাপন হ’বলগীয়া দুগ্ধ সংসাধন গোট (পূৰবী ডেইৰী) সমূহৰ ভূমি পূজনো ভাৰ্চুৱেল পদ্ধতিৰে সম্পন্ন কৰা হয়।
কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে দিল্লীৰ পৰা ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠানটোত যোগদান কৰে। আনহাতে, অসম চৰকাৰৰ শিক্ষা আদি মন্ত্ৰী ড° ৰণোজ পেগুৱে ধেমাজিত অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকে আৰু অসম চৰকাৰৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ত অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকে। উভয়েই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মূল অনুষ্ঠানৰ সৈতে সংযুক্ত আছিল। মন কৰিবলগীয়া যে, যোৰহাটত প্ৰস্তাৱিত দৈনিক ১০০ হাজাৰ লিটাৰ (টি এল পি ডি) ক্ষমতাৰ দুগ্ধ সংসাধন প্ৰকল্পটো কেন্দ্ৰীয় খণ্ডৰ আঁচনি ‘ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচীৰ’ (এন পি ডি ডি) অধীনত পূব অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে (ই এ এম ইউ এল) স্থাপন কৰিব। আনহাতে, ডিব্ৰুগড় আৰু ধেমাজিৰ প্ৰকল্প দুটা আৰ আই ডি এফ-XXXI ৰ অধীনত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা (এএইচ এণ্ড ভি) বিভাগে স্থাপন কৰিব।
এই প্ৰকল্পসমূহ নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডচ লিমিটেডে (এন ই ডি এফ এল) পূৰবী ডেইৰী হিচাপে পৰিচালনা কৰিব। প্ৰণিধানযোগ্য যে, এন ই ডি এফ এল হৈছে সমগ্ৰ অসমতে সমবায় দুগ্ধ কাৰ্যকলাপৰ পৰিকল্পনা, ৰূপায়ণ আৰু সম্প্ৰসাৰণৰ বাবে অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ডৰ (এন ডি ডি বি) এক যুটীয়া উদ্যোগ। শেহতীয়াকৈ শিলচৰত উদ্বোধন কৰা প্ৰকল্পটোৰ দৰে এই নতুন প্ৰকল্পসমূহেও একেই গাঁথনি অনুসৰণ কৰিব। ইয়াৰ জৰিয়তে পূৰবী ডেইৰীয়ে ৰাজ্যৰ প্ৰতিটো প্ৰান্তলৈ সংগঠিত সমবায় দুগ্ধ শিল্পৰ সেৱা সম্প্ৰসাৰিত কৰিব।যোৰহাট আৰু ডিব্ৰুগড়ত প্ৰস্তাৱিত দুগ্ধ সংসাধন প্ৰকল্প দুটাৰ প্ৰতিটোৰ ক্ষমতা হ’ব দৈনিক এক লাখ লিটাৰ। একেদৰে, ধেমাজিৰ প্ৰকল্পটোৱে দৈনিক ৫০ হাজাৰ লিটাৰ গাখীৰ সংসাধন কৰিব পৰাকৈ সক্ষম হ’ব।
পূৰবী ডেইৰী নেটৱৰ্কৰ ছত্ৰছায়াত পূব অসম দুগ্ধ ইউনিয়ন লিমিটেডে (ই এ এম ইউ এল) ইতিমধ্যে এই সমগ্ৰ অঞ্চলটোতে গাখীৰ সংগ্ৰহৰ কাম তৰান্বিত কৰি তুলিছে। উল্লেখযোগ্য যে, ২০২৩ চনৰ পৰাই ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ডৰ (এন ডি ডি বি) সুদক্ষ পৰিচালনাত এই সমবায় প্ৰতিষ্ঠানটোৱে কাম কৰি আহিছে। বৰ্তমান যোৰহাট, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, দৰং, ওদালগুৰি, শোণিতপুৰ, চৰাইদেউ, বিশ্বনাথ, লক্ষীমপুৰ, ধেমাজি আৰু মাজুলীৰ দৰে জিলাসমূহত ইয়াৰ সংগ্ৰহ অভিযান অব্যাহত আছে। ইয়াৰ ফলত দুগ্ধ পালকসকলে এক সংগঠিত সমবায় দুগ্ধ তন্ত্ৰৰ অংশ হোৱাৰ সুযোগ লাভ কৰিছে। বৰ্তমানলৈকে ই এ এম ইউ এল-য়ে ৫৪০ খন দুগ্ধ সমবায় সমিতিৰ (ডি চি এছ) জৰিয়তে ১১ হাজাৰতকৈও অধিক কৃষকৰ সহযোগত ১৩০০ ৰো অধিক গাঁও সামৰি ল’বলৈ সক্ষম হৈছে।
ইফালে, শনিবাৰৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত ৰাইজক সম্বোধন কৰি ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কয়, “উজনি অসমলৈ পূৰবী ডেইৰীৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰাটোৱে ভাৰত চৰকাৰৰ সমবায় দুগ্ধ আন্দোলন শক্তিশালী কৰা আৰু গ্ৰাম্য উৎপাদকসকলক সৱলীকৰণ কৰাৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে। যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিৰ এই নতুন দুগ্ধ প্ৰকল্পসমূহে স্থানীয় দুগ্ধ পালকসকলক সংগঠিত সংগ্ৰহ নেটৱৰ্কৰ সৈতে একত্ৰিত কৰাত সহায় কৰিব, যিয়ে সুস্থিৰ উপাৰ্জনৰ সুযোগ সৃষ্টি কৰাৰ লগতে গ্ৰাহকৰ বাবে স্বাস্থ্যসন্মতভাৱে সংসাধিত গাখীৰৰ উপলব্ধতা নিশ্চিত কৰিব। অসম চৰকাৰ, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ড আৰু কৃষক প্ৰতিষ্ঠানসমূহৰ মাজত ধাৰাবাহিক সহযোগিতাৰ জৰিয়তে আমি এক আধুনিক দুগ্ধ তন্ত্ৰ গঢ়ি তুলিছোঁ, যিয়ে গ্ৰাম্য জীৱিকা আৰু পুষ্টিৰ নিৰাপত্তা উভয়তে সহায় কৰিব।”
এই উপলক্ষে ভাষণ দি অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, “মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসম দুগ্ধ উন্নয়ন পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত নতুন দুগ্ধ প্ৰকল্পৰ ভূমি পূজনে আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে। আমাৰ উদ্দেশ্য হৈছে সংগঠিত গাখীৰ সংগ্ৰহ আৰু আধুনিক সংসাধন আন্তঃগাঁথনি সম্প্ৰসাৰণৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে এক শক্তিশালী তথা কৃষক-কেন্দ্ৰিক দুগ্ধ তন্ত্ৰ গঢ়ি তোলা। শিলচৰ দুগ্ধ সংসাধন প্ৰকল্পটো আৰম্ভ কৰি পূৰবী ডেইৰীয়ে আনুষ্ঠানিকভাৱে বৰাক উপত্যকাত ভৰি দিয়াৰ মাত্ৰ কেইদিনমান পিছতে আজি উজনি অসমত এই নতুন সুবিধাসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে। অসমত এক শক্তিশালী আৰু স্বাৱলম্বী দুগ্ধ খণ্ড গঢ়ি তোলাৰ বাবে এনে আঞ্চলিক সমতাপূৰ্ণ সম্প্ৰসাৰণ অতি প্ৰয়োজনীয়।’’
আনহাতে, নিজা ভাষণত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ড (এন ডি ডি বি)ৰ অধ্যক্ষ ড০ মীনেশ শ্বাহে কয়, “এই দুগ্ধ প্ৰকল্পসমূহৰ আধাৰশিলাই অসমৰ সমবায় দুগ্ধ মূল্য শৃংখলা শক্তিশালী কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ডে ইয়াৰ কাৰিকৰী, পৰিচালন আৰু বিত্তীয় সহযোগিতাৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে শক্তিশালী গাখীৰ সংগ্ৰহ নেটৱৰ্ক আৰু আধুনিক সংসাধন আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ। উজনি অসমৰ দুগ্ধ পালকসকলক সংগঠিত সংগ্ৰহ আৰু সংসাধন ব্যৱস্থাৰ সৈতে একত্ৰিত কৰি এই সুবিধাসমূহে বহনক্ষম জীৱিকা নিশ্চিত কৰাৰ লগতে পূৰবী ব্ৰেণ্ডৰ অধীনত মানদণ্ডযুক্ত গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ পৰিসৰো অধিক বৃদ্ধি কৰিব।”
প্ৰণিধানযোগ্য যে, এই নতুন প্ৰকল্পসমূহ কাৰ্যক্ষম হৈ উঠিলে উজনি অসমৰ গাখীৰ সংগ্ৰহ আৰু সংসাধনৰ আন্তঃগাঁথনি এক নতুন মাত্ৰাত শক্তিশালী হ’ব। ইয়াৰ ফলত স্থানীয় দুগ্ধ পালকসকলে এক সংগঠিত সংগ্ৰহ প্ৰণালী, বৈজ্ঞানিক সংসাধন ব্যৱস্থা আৰু নিশ্চিত বজাৰৰ সুবিধা লাভ কৰি এক সুসংগঠিত দুগ্ধ মূল্য শৃংখলাৰ সৈতে জড়িত হোৱাৰ সুযোগ পাব। প্ৰকৃততে এই সমগ্ৰ প্ৰচেষ্টা অসম চৰকাৰৰ এক ব্যাপক দুগ্ধ উন্নয়ন পৰিকল্পনাৰ অবিচ্ছেদ্য অংশ। সমগ্ৰ ৰাজ্যতে সংগঠিত সমবায় দুগ্ধ শিল্পৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে চৰকাৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ড (এন ডি ডি বি) ৰ সহযোগত এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে আধুনিক গাখীৰ সংগ্ৰহ আৰু সংসাধন আন্তঃগাঁথনিৰ বিকাশ ঘটোৱাৰ লগতে দুগ্ধ সমবায়সমূহক শক্তিশালী কৰা আৰু হাজাৰ হাজাৰ গ্ৰাম্য পৰিয়ালক এক সুশৃংখলিত দুগ্ধ মূল্য শৃংখলাৰ অংশীদাৰ কৰি তোলা।
এই বিশেষ উদ্যোগৰ জৰিয়তে ৰাজ্যজুৰি দৈনিক ১০ লাখ লিটাৰতকৈ অধিক গাখীৰ সংসাধন কৰিব পৰা এক বিশাল ক্ষমতা গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ফলত দুগ্ধ পালকসকলৰ বাবে বজাৰৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগতে তেওঁলোকৰ উপাৰ্জনৰো এক নতুন দিগন্ত মুকলি হ’ব। আনফালে, গোলাঘাট, লখিমপুৰ, তিনিচুকীয়া আৰু কামৰূপত এখনকৈ মাল্টিকেয়াৰ পশু চিকিৎসালয় নেটৱৰ্ক মুকলি কৰাৰ লগতে শিৱসাগৰ আৰু শ্ৰীভূমিত আন দুখনৰ আধাৰশিলা স্থাপন কৰা কাৰ্যই দুগ্ধ খণ্ডৰ সম্প্ৰসাৰণক অধিক শক্তিশালী কৰি তুলিছে। যোৰহাটত অনুষ্ঠিত মূল কাৰ্যসূচীৰ মাজতে এই সকলোবোৰ কাৰ্য ভাৰ্চুৱেল পদ্ধতিৰে সম্পন্ন কৰা হয়।
লক্ষ্যণীয়ভাৱে, বৰাক উপত্যকা আৰু উজনি অসমৰ দৰে অঞ্চললৈ পূৰবী ডেইৰীৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰাটোৱে ৰাজ্য চৰকাৰৰ এক বিশেষ লক্ষ্য প্ৰতিফলিত কৰিছে। এক স্বাৱলম্বী আৰু কৃষক-কেন্দ্ৰিক দুগ্ধ তন্ত্ৰ গঢ়ি তোলাৰ বাবে অসম চৰকাৰ এতিয়া সম্পূৰ্ণ দায়বদ্ধ। ইয়াৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে গ্ৰাহকসকলৰ বাবে পূৰবী ডেইৰী ব্ৰেণ্ডৰ অধীনত স্বাস্থ্যসন্মতভাৱে সংসাধিত গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ সহজলভ্যতা নিশ্চিত হ’ব।
