গুৱাহাটী, ২৪ নৱেম্বৰ, ২০২৩ : দুগ্ধ উৎপাদনৰ সুপৰিচিত সমবায় পূৰবী ডেইৰী (Purabi Dairy) পৰিচালনা কৰা ৱেষ্ট আসাম মিল্ক প্ৰডিউচাৰ্ছ কোপাৰেটিভ ইউনিয়ন লিমিটেড (WAMUL)য়ে অহা ২৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ পূৰ্বে আৰু সময়ত দুগ্ধ পানৰ সুফল প্ৰচাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় দুগ্ধ দিৱস হৈছে আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন দিশত অপৰিসীম প্ৰভাৱ থকা উল্লেখযোগ্য প্ৰাকৃতিক পানীয়ৰ উদযাপন। সেয়া লাগিলে আমাৰ ব্যক্তিগত, সামাজিক, গ্ৰাম্য-নগৰীয়া, পুষ্টিৰ স্তৰত হওক বা জীৱিকাৰ স্তৰতেই হওক।
কিংবদন্তি দুগ্ধ মানৱ ডা০ ভাৰ্গিজ কুৰিয়েনৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ২৬ নৱেম্বৰত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। ২৬ নৱেম্বৰত সমগ্ৰ দেশতে এই দিৱস উদযাপন কৰাৰ বিপৰীতে ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত এক কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলত দুগ্ধজাত সামগ্ৰীৰ ক্ৰমবৰ্ধমান ভূমিকাক স্বীকাৰ কৰি এইবাৰৰ অনুষ্ঠানটো গুৱাহাটীত অনুষ্ঠিত হৈছে। ভাৰত চৰকাৰৰ সহযোগিতা মন্ত্ৰালয়ৰ সহযোগত এই মূল অনুষ্ঠানটোৰ আয়োজন কৰিছে অসম চৰকাৰ, এ এল ডি এ, এ এল পি চি অ’, এ এইচ ভি ডি, দুগ্ধ সঞ্চালকালয় আৰু এন ডি ডি বিয়ে।
২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ পূৰ্বে ২৪ নৱেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পূৰবী ডেইৰী চৌহদত তিনিখনকৈ ব্ৰেণ্ডেড বাহন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আই এ এছ বিষয়া জাৱিৰ ৰাহুল সুৰেশে। এই অনুষ্ঠানত এ এইচ ভি ডিৰ সঞ্চালকৰ লগতে এ এইচ ভি ডি, এন ডি ডি বি আৰু পূৰবীৰ অন্য বিষয়াসকলো উপস্থিত থাকে। এই বাহনসমূহে গুৱাহাটীস্থিত পূৰবী ডেইৰীৰ চৌহদৰ পৰা যাত্ৰা আৰম্ভ কৰি মহানগৰীৰ ছয়মাইল, গণেশগুৰি, বেলতলা, কাহিলীপাৰা, ভঙাঘৰ, পল্টন বজাৰ, পানবজাৰ, শিলপুখুৰী, চানমাৰী, উজানবজাৰ, মালিগাঁও, আদাবাৰী, জালুকবাৰীকে ধৰি বিভিন্ন অঞ্চলৰ মাজেৰে পাৰ হৈ আকৰ্ষণীয় জিংগল আৰু পমফ্লেটৰ জৰিয়তে দুগ্ধ পানৰ উপকাৰিতাৰ বিষয়ে সজাগতা বিয়পায়। ২৬ নৱেম্বৰত গ্ৰাহকসকলৰ মাজত বিনামূলীয়া গাখীৰ বিতৰণৰ জৰিয়তে এই সজাগতা অভিযানৰ অন্ত পৰিব।
এই পদক্ষেপ সন্দৰ্ভত অৱগত কৰি ৱেষ্ট আসাম মিল্ক প্ৰডিউচাৰ্ছ কোপাৰেটিভ ইউনিয়ন লিমিটেডৰ মহাপ্ৰৱন্ধক এছ কে পৰিদাই কয়, “দুগ্ধ পানৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত পূৰবী ডেইৰীয়ে সদায় আগভাগ লৈ আহিছে। আগন্তুক ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উপলক্ষে নতুন প্ৰজন্মক দুগ্ধ সম্বন্ধীয় বিভিন্ন কামত নিজকে জড়িত কৰিবলৈ, নিজৰ লগতে নিজৰ গাঁও আৰু ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাবলৈ আহ্বান জনাইছোঁ। পূৰবী ডেইৰীয়ে সদায় গ্ৰাহকক সঠিক পুষ্টি আৰু কৃষকক জীৱিকা প্ৰদানৰ মূলমন্ত্ৰক সন্মুখত ৰাখি তাৰ বাবে কাম কৰি আহিছে। পূৰবীৰ উৎপাদিত সামগ্ৰী অসমৰ ৰাইজৰ প্ৰিয়। পূৰবীয়ে নিজৰ উৎপাদিত সামগ্ৰীৰ শিতানত আইচক্ৰীম, ভিন্ন স্বাদযুক্ত গাখীৰ আৰু বিভিন্ন ধৰণৰ পৰম্পৰাগত মিঠাইৰ দৰে নতুন সামগ্ৰী গ্ৰাহকৰ বাবে আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে।”
ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপনৰ অংশ হিচাপে পূৰবী ডেইৰীয়ে ৰাইজৰ মাজত স্বাস্থ্যসন্মত পানীয়ৰ প্ৰচাৰৰ বাবে অসমৰ ১৫ খন জিলা সদৰৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পূৰবী লাচ্চী বিতৰণৰ কাম হাতত লৈছে। আমি প্ৰত্যক্ষ কৰিছো যে দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ ব্যৱহাৰৰ পৰা লাভ কৰা উপকাৰিতাৰ বিষয়ে মানুহৰ মাজত সজাগতা বৃদ্ধি পাইছে। আমাৰ বিক্ৰীৰ পৰিসংখ্যাতো এই ইতিবাচক ধাৰা প্ৰতিফলিত হৈছে। যোৱা বছৰৰ পৰা ২০২৩ চনৰ ছেপ্টেম্বৰলৈকে গাখীৰৰ বিক্ৰী প্ৰায় ২০ শতাংশ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ বিক্ৰী প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে। অসমৰ ৯ খন জিলাৰ ৭০০ খন সমবায়ৰ প্ৰায় ৩০,০০০ দুগ্ধ পালকৰ জীৱিকাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে পূৰবী ডেইৰীয়ে। দুগ্ধ সমবায়ৰ উদ্যোগত কৃষকসকলক মৌপালন আৰু মৌ সংগ্ৰহৰ দৰে কাম-কাজৰ প্ৰশিক্ষণ দি তেওঁলোকৰ আয় বৃদ্ধিৰ বাবে ধাৰাবাহিকভাৱে কৰ্মশালাৰো আয়োজন কৰা হৈছে। অঞ্চলটোৰ সৰ্ববৃহৎ দুগ্ধ সমবায় হিচাপে পূৰবী ডেইৰীয়ে সমবায়খনৰ সৈতে জড়িত দুগ্ধ পালকসকলৰ বাবে বছৰজুৰি এক লাভজনক বজাৰ ধাৰাবাহিকভাৱে প্ৰদান কৰাৰ লগতে গ্ৰাহকক মানসম্পন্ন মূল্য সংযোজিত সামগ্ৰী যোগান ধৰি আহিছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।